Sports
Former India cricketer Salim Durani passed away on Sunday at the age of 88. The Kabul-born cricketer was known for his slow, left-arm orthodox style and hitting ability as a batsman...
ডিজিটেল ডেস্ক : অন্তহীন অপেক্ষাৰে গধুৰ হৈ উঠিছে সময়। পাৰহীন চিন্তা আৰু উদ্বিগ্নতাৰ মাজেৰে দিন পাৰ কৰিছে এটা পৰিয়ালে। অহা-যোৱাৰ নিজাপি পথ আৰু নিৰ্ধাৰিত সময় পাহৰি তেওঁ হেৰাই গৈছে। সকলো সংযোগ বিচ্ছিন্ন কৰি তেওঁ হেৰাই গৈছে।
এতিয়া অন্তহীন এক অপেক্ষাত বাদে তেওঁৰ কাৰণে যেন কৰিবলগীয়া একোৱেই নাই তেওঁৰ আপোন-পৰিজনৰ। সকলোৱে অন্তৰ উজাৰি কামনা কৰিছে সোঁশৰীৰে তেওঁ উভতি আহিব। অক্ষত শৰীৰে হাঁহিমুখে আহি আপোনজনৰ কাষত ঠিয় দিব আৰু ক’বহি, ছেঃ বহু পলম হৈ গ’লহে! এনে এক সম্ভাৱনাৰে সকলোৱে অপলক নয়ন চাই ৰৈছে বিশাল ব্ৰহ্মপুত্ৰৰ বুকুলৈ। তাৰ ওখ, অস্থিৰ ঢৌবোৰ বগাই তেওঁ পাৰলৈ উঠি অহা চাবলৈ ৰৈ আছে সকলো। ব্ৰহ্মপুত্ৰৰ কাষত আঁঠু কাঢ়ি, তাৰ উদ্ধত ঢৌবোৰৰ কাষত হাতযোৰ কৰি সকলোৱে কামনা কৰিছে তেওঁক ওভতাই দিয়া। হে মহানদ, তোমাৰ আটিল বাহুৰ মেৰ খুলি তেওঁক আমাৰ স্নেহছায়াৰ কাষলৈ ঘূৰি আহিবলৈ দিয়া!
নিমাতীঘাটৰ শোকাৱহ নাও দুৰ্ঘটনাৰ পাঁচটা দিন অতিক্ৰম কৰাৰ পাছতো কোনো সন্ধান ওলোৱা নাই ডাঃ বিক্ৰমজিৎ বৰুৱাৰ। কৰ্মক্ষেত্ৰ মাজুলীলৈ গৈ থকাৰ বাটতে কালিকা লগা নাওখনৰ পৰা তেওঁ হেৰাই গৈছিল। ৮ ছেপ্টেম্বৰৰ বিয়লিৰ পৰা এতিয়া তেওঁৰ বাবে অধীৰ অপেক্ষা কৰি ৰৈছে তেওঁৰ পৰিয়ালৰ লোক, তেওঁৰ আত্মীয়-স্বজন, সুহৃদ আৰু শুভাকাংক্ষীয়ে। মহাবাহুৰ বিশাল বুকুত তেওঁৰ সন্ধান চলিছে অহৰহ। এনডিআৰএফ, এছডিআৰএফৰ বিশাল বাহিনীয়ে অহৰহ তেওঁৰ সন্ধান কৰি আছে। তেওঁৰ সন্ধানত লগোৱা হৈছে হেলিকপ্টাৰো। নিমাতীঘাটৰ পৰা বহুদূৰ ভটীয়ায়ো চলাই থকা হৈছে অভিযান। তথাপি একো শুংসূত্ৰ ওলোৱা নাই পাঁচোটা দিনে।
স্বাভাৱিকতে এই দীৰ্ঘ অপেক্ষাই জঠৰ কৰি আনিছে যোৰহাটত থকা বিক্ৰমজিৎ বৰুৱাৰ পৰিয়ালৰ লোকসকলক। তেওঁৰ কুশল প্ৰাৰ্থনাৰে সময় পাৰ কৰিছে বিক্ৰমজিৎ পৰিয়ালৰ সকলো সদস্যই। আনকি তেওঁ কৰ্মৰত গড়মূৰ জিলা চিকিৎসালয়তো তেওঁৰ বাবে জ্বলোৱা হৈছে বন্তি। সকলোৱে কামনা কৰিছে যাতে তেওঁ সুকলমে সোশৰীৰে উভতি আহে। সময় যিমানে বাগৰিছে সিমানেই জনপ্ৰিয় চিকিৎলকগৰাকীৰ অভগন জীৱনৰ সম্ভেদ লাভৰ সম্ভৱনা টুটি আহিছে। অপ্ৰিয় হ’লেও এইকথা এতিয়া কঠিন এক সত্য।
কিন্তু অগণিত শুভাকাংক্ষীৰ অন্তহীন প্ৰাৰ্থনাই এতিয়া কঠিন যেন লগা কথাকো কৰি তুলিব পাৰে সহজ। সকলোৰে অপেক্ষাৰ অন্ত পেলাই অকস্মাৎ ডাঃ বিক্ৰমজিৎ বৰুৱা হাজিৰ হ’বহি পাৰে আৰু কৈ উঠিব পাৰে, ছেঃ বৰ দেৰি হৈ গ’লহে! তোমালোকৰ কষ্ট হ’ল নেকি মোলৈ ৰৈ ৰৈ? সকলোৱে কামনা কৰিছে এয়াই সত্য হওক, এয়াই হৈ উঠক বাস্তৱ।
জানিব পৰা মতে, এগৰাকী জনদৰদী চিকিৎসক তথা এগৰাকী ইএনটি বিশেষজ্ঞ হোৱাৰ লগতে বিক্ৰজিৎ বৰুৱাৰ আছিল এগৰাকী সুদক্ষ সন্তৰণবিদ, এজন ভাল চাইক্লিষ্ট আৰু এগৰাকী ক্ৰিকেট খেলুৱৈ। এক সুঠাম শৰীৰৰ অধিকাৰী বিক্ৰমজিৎ বৰুৱা সেইবাবেই যিকোনো চমৎকাৰ সংঘটিত কৰি ঘূৰি অহাৰ বাবে সকলোৱে অপেক্ষা কৰিছে। ৰৈ আছে তেওঁৰ দুই সন্তান, চিকিৎসক পত্নী, বয়োজ্যেষ্ঠ পিতৃ-মাতৃ আৰু দুই ভাতৃ। ৰৈ আছে তেওঁৰ অসংখ্য শুভাকাংক্ষী, সহকৰ্মী, আৰু সমগ্ৰ অসমবাসী।
Leave A Comment