• ছেমিত পৰাজিতঃ তথাপি লক্ষজনৰ অন্তৰত এতিয়া লাভলীনা

    আঞ্চলিক
    ছেমিত পৰাজিতঃ তথাপি লক্ষজনৰ অন্তৰত এতিয়া লাভলীনা

    ট’কিঅ’ : অলিম্পিকৰ অগ্নিপৰীক্ষাত স্বৰ্ণজয়ৰ স্বৰ্ণালী স্বপ্ন নিৰ্বাপিত লাভলীনাৰ! বহুপ্ৰত্যাশিত ছেমি ফাইনেলত পৰাভূত বৰপথাৰৰ জীয়ৰী। বিশ্বৰ দ্বিতীয় স্থানত থকা তুৰস্কৰ বক্সাৰ বুছেনাজ ছুৰমেনেলি সৈতে অনুষ্ঠিত ৰোমাঞ্চকৰ খেলখনত ৩-০ বাউটত পৰাস্ত হয় লাভলীনা। খেলৰ আৰম্ভণিৰে পৰাই আক্ৰমণাত্মক হৈ পৰিছিল বুছেনাজ ছুৰমেনলি। খেলৰ প্ৰথমটো বাউটত জয়লাভ কৰে বুছেনাজ ছুৰমেনলিয়ে। বুছেনাজৰ প্ৰচেষ্টাক প্ৰতিহত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখে যদিও দ্বিতীয় ৰাউণ্ডত পৰাভূত হয় লাভলীনা। ৰেফাৰীয়ে শিঙা বজোৱাৰ পাছতো লাভলীনাই প্ৰহাৰ অব্যাহত ৰাখে। ফলত লাভলীনাই পইণ্ট হেৰুৱাবলগীয়া হয়। তৃতীয় ৰাউণ্ডত লাভলীনাই প্ৰত্যাৱৰ্তনৰ সংগ্ৰাম অব্যাহত ৰাখে কিন্তু ব্যৰ্থ হয়!






    জয়-পৰাজয় ক্ৰীড়াৰ অবিচ্ছেদ্য অংগ। পৰাজয়ৰ গ্লানিয়ে ম্লান পেলাব নোৱাৰে লাভলীনাৰ উদ্যম তথা স্বপ্নক। বিশ্বদৰবাৰত অসম আৰু অসমীয়াৰ ইতিহাস সমৃদ্ধ কৰা লাভলীনাৰ এই যাত্ৰাই শেষ নহয়, এয়া লাভলীনাৰ অবিৰত সংগ্ৰাম। পদকৰ ৰং সলাব নোৱৰিলেও প্ৰথম খেলতে ব্ৰঞ্জৰ পদক কঢি়য়াইছে লাভলীনাই। উল্লেখ্য যে, ২০০৮ চনত বিশ্বদৰবাৰত ভাৰত আৰু ভাৰতীয়ৰ নাম উজলাই বিজেন্দ্ৰ সিঙে অলিম্পিকৰ প্ৰথমটো পদকত চুমুক দিছিল। পৰৱৰ্তী সময়ত দ্বিতীয়তো পদকৰ সোৱাদ দিছিল ‘পাঞ্চিং কুইন’ মেৰীকমে। এইবাৰ দেশবাসীক তৃতীয়তো পদকৰ সোৱাদ দিলে লাভলীনাই,ধন্য লাভলীনা ধন্য। লাভলীনাৰ সাফল্যত গৰ্বিত অসমীয়া। বিশ্বৰ বৃহৎ ক্ৰীড়া সমাৰোহত অসমৰ নাম উজলোৱা লাভলীনালৈ অভিনন্দন।