• ছোৱাইন ফ্লুৰ সংহাৰৰ সময়তে জব্দ ৪৫টা গাহৰি পোৱালি

    আঞ্চলিক
    ছোৱাইন ফ্লুৰ সংহাৰৰ সময়তে জব্দ ৪৫টা গাহৰি পোৱালি

    ডিব্ৰুগড়ঃ যি সময়ত আফ্ৰিকান ছোৱাইন ফ্লু ৰোগে ৰাজ্যত সংসাৰি ৰূপ ধাৰণ কৰিছে, তেনে সময়তে টিংখাঙত ‘সদৌ অসম গাহৰি পালক সন্থা’ই অবৈধভাৱে বিক্ৰী কৰিবলৈ অনা কেইবাটাও গাহৰি পোৱালি জব্দ কৰিবলৈ সক্ষম হৈছে। তেজপুৰৰ পিঠাগুড়ি অঞ্চলৰ পৰা পলাশ দাস নামৰ এজন ব্যক্তিয়ে কোনোধৰণৰ নথি-পত্ৰ অবিহনে বিক্ৰীৰ বাবে আনিছিল এই গাহৰি পোৱালিসমূহ।





    উল্লেখযোগ্য যে, তেজপুৰৰ উক্ত অঞ্চলত আজিও আফ্ৰিকান ছোৱাইন ফ্লুৰ সংক্ৰমণ অব্যাহত আছে। আনহাতে, লখিমপুৰ, ধেমাজি আদি অঞ্চলত গাহৰি সৰবৰাহত চৰকাৰী নিষেধাজ্ঞা থকাৰ পাছতো উক্ত পথেৰে গাহৰি পোৱালি সৰবৰাহ কৰি টিংখাঙত বিক্ৰী কৰা কাৰ্যত হতচকিত হৈ পৰিছে সচেতন মহল।





    ইতিমধ্যে সদৌ গাহৰি পালক সন্থাৰ ডিব্ৰুগড় জিলা আৰু টিংখাং আঞ্চলিক সমিতিয়ে টিংখাঙৰ মাহমৰা অঞ্চলত কোনোধৰণৰ নথি-পত্ৰ নোহোৱাকৈ বিক্ৰী কৰিবলৈ অনা প্ৰায় ৪৫টা গাহৰি পোৱালি আবদ্ধ কৰি প্ৰশাসনক অৱগত কৰিছে।