• ছয়গাঁৱত চাঞ্চল্য : নিৰুদ্দিষ্ট যুৱকৰ কংকাল উদ্ধাৰ

    আঞ্চলিক
    ছয়গাঁৱত চাঞ্চল্য : নিৰুদ্দিষ্ট যুৱকৰ কংকাল উদ্ধাৰ

    ছয়গাঁও : ছয়গাঁৱৰ বামুণীগাঁৱত এজন যুৱকৰ কংকাল উদ্ধাৰক সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ৷ বামুণীগাঁওস্থিত পশ্চিম কামৰূপ বন সংমণ্ডল কাৰ্যালয়ৰ পিছফালৰ পাহাৰত উদ্ধাৰ হয় যুৱকৰ কংকালটো।

    আৰু পঢ়িব পাৰিব : পশ্চিমবংগত আজি শেষ পৰ্যায়ৰ নিৰ্বাচন


    উদ্ধাৰ হোৱা কংকালটো ছয়গাঁৱৰে ভেৰভেৰি গাঁৱৰ প্ৰাঞ্জল ৰাভাৰ (৩০) বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে৷ চাৰিমাহ মান পূৰ্বৰ পৰাই নিৰুদ্দেশ হৈ আছিল প্ৰাঞ্জল।

    আৰু পঢ়িব পাৰিব : আৰক্ষী-আলফাৰ সংঘৰ্ষ ! নিহত আলফা (স্বাঃ)ৰ নেতা…


    আজি পুৱা স্থানীয় লোকে ডিঙিত ৰছী লগোৱা অৱস্থাত উদ্ধাৰ হয় কংকালটো। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে পঠিয়াই দিয়ে কংকালটো।