চামগুৰিঃ যিটো সময়ত এটি শিশুৱে খেলা-ধূলাৰ মাজেৰে জীৱনৰ পদূলিত খোজ দিয়ে, সেই সময়তে চামগুৰিৰ গেন্ধালি কছাৰী গাঁৱৰ এটি শিশুৱে জটিল ৰোগৰ সৈতে যুজঁ দিয়া পৰিলক্ষিত হৈছে। শিশুটিৰ প্ৰায় তিনি বছৰ বয়সৰেপৰাই আক্ৰান্ত হৈছিল এক জটিল ৰোগত। নগাঁৱকে ধৰি বহু ঠাইত চিকিৎসা কৰাইছিল যদিও আজি পৰ্যন্ত নাপালে কোনোধৰণৰ সুফল।
অৰ্থৰ অভাৱত উন্নত চিকিৎসাৰ পৰাও বঞ্চিত হৈছে শিশুটি। অতি দৰিদ্ৰ পৰিয়ালটোৱে বিভিন্ন চৰকাৰী বিভাগৰ সৈতে যোগাযোগ কৰিছিল যদিও আজি পৰ্যন্ত নাপালে কোনোধৰণৰ সুবিধা। এতিয়া দৰিদ্ৰ পিতৃ-মাতৃয়ে শিশুটিৰ উন্নত চিকিৎসাৰ বাবে সহায়ৰ আহ্বান স্বাস্থ্যমন্ত্ৰীলৈ জনাইছে।
কোনো সুহৃদয়বান লোকেও যদি সহায় কৰিব বিচাৰে তেন্তে 918135851917 নম্বৰত ফোন কৰিব পাৰে। নাইবা Name: MRS. MUNU RABI DAS Ac.No: 34196437523 (IFSC: SBIN0002119) ধন আগবঢ়াব পাৰে।
Leave A Comment