National
Aam Aadmi Party (AAP) chief and Delhi chief minister Arvind Kejriwal is scheduled to arrive in Guwahati on Sunday (April 2), along with Punjab chief minister Bhagwant Mann...
শিৱসাগৰঃ শিৱসাগৰ জিলাৰ হাঁহচৰা চেতিয়া গাঁৱৰ অংগনবাড়ী কৰ্মী দিপালী বুঢ়াগোহাঁইয়ে দীৰ্ঘদিনে এক জটিল ৰোগত আক্ৰান্ত হৈ আছে। চিকিৎসকৰ মতে মহিলাগৰাকীৰ দুয়োটা কিডনী বৰ্তমান বিকল। পৰিয়ালৰ তৰফৰ পৰা অশেষ চেষ্টা কৰিও যেন ভাগৰি পৰিছে তেওঁৰ স্বামী।
কাৰণ দুখীয়া পৰিয়ালৰ এইগৰাকী মহিলাৰ চিকিৎসাৰ বাবে অৰ্থৰ অভাৱ। পেছাত গাড়ী চালক স্বামী কৰুণ চেতিয়া বৰ্তমান সময়ত নিজৰ পত্নীৰ ৰোগৰ বাবে হিতাহিত জ্ঞানো হেৰুৱাই পেলোৱাৰ উপক্ৰম হৈছে। আৰ্থিকভাৱে দুৰ্বল হৈ পৰা এইগৰাকী মহিলাক প্ৰয়োজন কিছু সহায়ৰ। কোনো হৃদয়বান লোকে যদি এই মহিলাগৰাকীক সহায় কৰিব বিচাৰে, তেনেহ’লে SBI ACCOUNT NUMBER 30441262869(IFSC CODE SBIN0000182)ধন আগবঢ়াব পাৰে।
Leave A Comment