• জটিল ৰোগত আক্ৰান্ত ৬ বছৰীয়া কন্যাঃ মুখ্যমন্ত্ৰী-স্বাস্থ্যমন্ত্ৰীলৈ সহায়ৰ আহ্বান পৰিয়ালৰ

    আঞ্চলিক
    জটিল ৰোগত আক্ৰান্ত ৬ বছৰীয়া কন্যাঃ মুখ্যমন্ত্ৰী-স্বাস্থ্যমন্ত্ৰীলৈ সহায়ৰ আহ্বান পৰিয়ালৰ

    হাজোঃ হাজোৰ সাতদলাৰ এজনী কণমানি কন্যা বহুদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ আছে! প্ৰিয়াক্ষী মালাকৰ নামৰ ৬ বছৰীয়া কন্যাগৰাকীয়ে খোজ কাঢ়িব নোৱাৰে। নিজে খাব নোৱাৰাৰ লগতে কথা ক’বলৈয়ো সক্ষম নহয়। পিতৃ-মাতৃয়ে ঘৰৰ সকলো বিক্ৰী কৰি চিকিৎসা কৰালে শিশুটিক।





    তাইৰ চিকিৎসাৰ বাবেই বিক্ৰী কৰিলে পথাৰৰ খেতি মাটিও। কিন্তু শিশুটিৰ উন্নত চিকিৎসাৰ বাবে বহু ধনৰ প্ৰয়োজন হোৱাত উপায়বিহীন শিশুটিৰ মাক-দেউতাক। হাতযোৰ কৰি মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীলৈ কাতৰ অনুৰোধ কৰে এনেদৰে-‘আমাৰ কন্যা শিশুটিৰ চিকিৎসা কৰাই অন্ততঃ তাইক খোজ কাঢ়িব পৰা কৰি দিয়ক। অন্ততঃ তাই নিজে খাব পাৰা হওক!’