• জনজাতীয় লোকৰ ভূমিৰ অধিকাৰ কাঢ়িলে এইখন চৰকাৰে

    আঞ্চলিক
    জনজাতীয় লোকৰ ভূমিৰ অধিকাৰ কাঢ়িলে এইখন চৰকাৰে

    ডিজিটেল ডেস্ক: ‘খোজে খোজে মিছা কথা আৰু মিছা প্ৰতিশ্ৰুতি দি প্ৰতাৰণা কৰিছে এইখন চৰকাৰে ৷ ভূমিপুত্ৰৰ ভূমি হস্তান্তৰ কৰিব এইখন চৰকাৰে’- এই অভিযোগ উত্থাপন কৰিলে সাংসদ অজিত কুমাৰ ভূঞাই৷ আজি ‘হোটেল লিলি’ত আঞ্চলিক গণমৰ্চাৰ এখন সংবাদমেলৰ আয়োজন কৰা হয়৷ এই সংবাদমেলত বিজেপি চৰকাৰৰ বিৰুদ্ধে নানান অভিযোগ উত্থাপন কৰে৷ ৬ মাহত হিমন্ত চৰকাৰে ভয়ংকৰ সিন্ধান্ত গ্ৰহণ কৰিছে বুলি গুৰুত্বৰ অভিযোগ আনে শাসনাধীস্থ বিজেপি চৰকাৰলৈ৷





    তেওঁৰ অভিযোগ অনুসৰি, খোজে খোজে মিছা কথা আৰু মিছা প্ৰতিশ্ৰুতি দি প্ৰতাৰণা কৰিছে বিজেপিয়ে৷ চৰকাৰখনক ঠগবাজৰ আখ্যা দি তেওঁ কয়, হানিমুন পিৰিয়ড শেষ হৈছে চৰকাৰখনৰ৷ এতিয়া আমি কামৰ খতিয়ান লোৱা সময় হ’ল৷





    অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ পৰা অসমীয়া ভাষা প্ৰত্যাহাৰ কৰা কাৰ্যকো সমালোচনা কৰে তেওঁ৷ চৰকাৰে বিষয়টো ৰহস্যৰ মাজলৈ ঠেলি দিছে এয়া গৰিহণাৰ যোগ্য বুলিও মন্তব্য কৰে সাংসদগৰাকীয়ে৷ তেওঁৰ মতে, ইয়াৰ বিৰুদ্ধে সকলোৱে ওলাই অহা উচিত৷ জনজাতিৰ বেল্ট ব্লকৰ ভূমিৰ অকৰ্তৃত্বশীলভাৱে হস্তান্তৰৰ সিন্ধান্ত চৰকাৰে লৈছে ৷ ইয়াৰ দ্বাৰা ভূমিপুত্ৰসকলৰ থকা ভূমি অধিকাৰ কাঢ়ি নিব বিচাৰিছে৷ মিট্টালৰ দৰে বনিয়াৰ স্বাৰ্থ এইবোৰ সিন্ধান্ত চৰকাৰে লৈছে বুলিও তীব্ৰভাৱে সমালোচনা কৰে তেওঁ৷ আনহাতে, তেওঁ গো-সুৰক্ষা আইন আৰু মহিলাক প্ৰদান কৰা ঋণৰ বাবেও সমালোচনা কৰে শাসনাধীন চৰকাৰখনক৷