• জনতা ভৱনত কেবিনেট বৈঠক, বিধানসভাত দুখন আইন সংশোধনৰ সিদ্ধান্ত

    আঞ্চলিক
    জনতা ভৱনত কেবিনেট বৈঠক, বিধানসভাত দুখন আইন সংশোধনৰ সিদ্ধান্ত

    ডিজিটেল ডেস্ক: শুকুৰবাৰে জনতা ভৱনত অনুষ্ঠিত হয় কেবিনেট বৈঠক। বৈঠকৰ অন্তত এক সংবাদমেল সম্বোধন কৰে কেশৱ মহন্ত আৰু অশোক সিংহালে। কেবিনেটত লোৱা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা ঘোষণা কৰে মন্ত্ৰীদ্বয়ে।





    কেবিনেট বৈঠকত বিধানসভাত দুখন আইন সংশোধনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বিধানসভাৰ শীতকালীন অধিৱেশনত আইন দুখন সংশোধনৰ সিদ্ধান্ত লোৱা হয়। গো-সুৰক্ষা আইন আৰু অসম ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী আয়োগ আইনৰ সংশোধন কৰা হ'ব বিধানসভা অধিৱেশনত। ৩য় আৰু ৪ৰ্থ বৰ্গৰ নিযুক্তি ৰাজ্যিক পৰ্যায়ত কৰাৰ সিদ্ধান্ত লোৱা হয়। জিলা আৰু ৰাজ্যিক পৰ্যায়ত থকা খালী পদ একেলগ কৰা হ’ব। APSCৰ দৰে গঠন হ’ব নিযুক্তি ব’ৰ্ড। অসম আন্দোলনৰ নিৰ্যাতিত, ছহিদ পৰিয়ালৰ বাবে গঠন কৰা ট্ৰাষ্টত আছুৰ তিনিজন কৈ সদস্য থাকিব ৷ ট্ৰাষ্টলৈ বছৰি ৫ কোটি টকাৰ অনুদান আগবঢ়োৱাৰ ঘোষণা কৰা হয়। পূৰ্বে এবছৰলৈ নবীকৰণৰ সময় থকা সুলভ মূল্যৰ দোকানৰ অনুজ্ঞাপত্ৰ ৩ বছৰলৈ দিয়া হ’ব। শিক্ষকসকলৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণ ঘোশণা কৰা হয়। কোনো শিক্ষকে ৩০ দিনতকৈ অধিক কাল ছুটী ল'লে অতিথি শিক্ষকৰ দ্বাৰা পাঠদান কৰাব পাৰিব। অৱসৰপ্ৰাপ্ত শিক্ষক বা জিলা শিক্ষা পৰিদৰ্শকে এইক্ষেত্ৰত পাঠ দান কৰিব পাৰিব। তেওঁলোকক পাৰিতোষিক হিচাপে চৰকাৰে ১০হাজাৰকৈ টকা দিব।





    ৭৫ সংখ্যক অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি প্ৰধানমন্ত্ৰীৰ আহ্বানমৰ্মে এমাহ বা দুমাহৰ ভিত্তিত পথৰ নাম সলনি কৰাৰ ব্যৱস্থা কৰা হ'ব। পৌৰ নিগম স্থাপিত হোৱা তাৰিখটো প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰাৰো সিদ্ধান্ত লোৱা হ'ব ৷