• জনতা ভৱনত বৰছিং বে’ক নিযুক্তি-পত্ৰ প্ৰদান মুখ্যমন্ত্ৰীৰ

    আঞ্চলিক
    জনতা ভৱনত বৰছিং বে’ক নিযুক্তি-পত্ৰ প্ৰদান মুখ্যমন্ত্ৰীৰ

    গুৱাহাটীঃ কেবিনেটৰ সিদ্ধান্ত মৰ্মে বৰছিং বে’ক কনিষ্টবল হিচাপে নিযুক্তি প্ৰদান কৰা হয়। বে’ক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ‘জনতা ভৱন’ত প্ৰদান কৰিলে নিযুক্তি-পত্ৰ। গৃহৰক্ষী বৰছিং বে’-এ ড্ৰাগছবিৰোধী অভিযানত সততাৰ পৰিচয় দিয়াৰ বাবে অসম আৰক্ষীৰ ফালৰপৰাও দিয়া হৈছিল পুৰস্কাৰ। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে, ৪৫ দিনত ১৩৫ কোটিৰ ড্ৰাগছ জব্দ কৰিছে অসম আৰক্ষীয়ে। লগতে তেওঁ কয় যে, কোনেও অসমত ড্ৰাগছ বিচাৰি নোপোৱা পৰিৱেশলৈ ঘূৰি আহিব লাগিব।





    অসমত ড্ৰাগছৰ বজাৰ বহিছে। এই অভিযানত সাহসিকতা আৰু সততা আটাইতকৈ গুৰুত্বপূৰ্ণ বুলিও কয়। বহু সময়ত বহু আৰক্ষী বা বহু বিষয়া লোভৰ বাবে জালত পৰে। আনহাতে গৃহৰক্ষী জোৱান বৰছিং বে’ৰ সন্দৰ্ভতো মন্তব্য আগবঢ়ায়। এগৰাকী হোমগাৰ্ড লোভৰ বশৱৰ্তী হোৱাতো কোনো ডাঙৰ কথা নাছিল। পূৰ্বতে হোমগাৰ্ডক ধন ঘটাৰ আহিলা হিচাপে ব্যৱহাৰ কৰি আহিছিল। কিন্তু বৰছিং বে' পৃথক বুলিও শৰ্মাই মন্তব্য প্ৰকাশ কৰে। ইপিনে অসম আৰক্ষীক উদ্দেশ্যি তেওঁ কয় যে, আৰক্ষীয়ে আগতেও অভিযান চলাইছিল। নতুন চৰকাৰ অহাৰ পাছত শূন্য সহনশীলতালৈ পৰ্যবক্ষিত কৰা হৈছে। আনহাতে আৰক্ষীৰ চিকিৎসা আৰু থকাৰ ব্যৱস্থা কৰিব অসম চৰকাৰে। বৰছিং বে' অসম আৰক্ষীৰ বাবে সাহিকতাৰ প্ৰতীক বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে অভিহিত কৰে।