• জনস্বাস্থ্যৰ প্ৰতি ভাবুকী ! ধুবুৰীত ৰোগীক দিলে ম্যাদ উকলা ছেলাইন

    আঞ্চলিক
    জনস্বাস্থ্যৰ প্ৰতি ভাবুকী ! ধুবুৰীত ৰোগীক দিলে ম্যাদ উকলা ছেলাইন

    ধুবুৰী : চিকিৎসালয়তে ৰোগীৰ প্ৰতি আহি পৰিছে ভাবুকী৷ ধুবুৰীৰ অসামৰিক চিকিৎসালয়ৰ মেডিচিন বিভাগত ঘটিল অঘটন৷ সোমবাৰে চিকিৎসালয়খনত ভৰ্তি হৈছিল তিনিজন ৰোগী৷ মেডিচিন বিভাগত ভৰ্তি হৈছিল আয়শা বিবি (৪৫), তাচিৰণ বেৱা (৮০), এনামূল হ'ক (২৬) নামৰ এই তিনিজন ৰোগী৷





    চিকিৎসালয়খনত ম্যাদ উকলি যোৱা DNS ছেলাইন লগোৱাৰ পাছত তিনিও গৰাকী ৰোগী অসুস্থ হৈ পৰে। ইয়াৰ পাছতে ৰোগীৰ পৰিয়ালৰ লোকে ম্যাদ উকলি যোৱা ছেলাইন দিয়া প্ৰত্যক্ষ কৰি নাৰ্ছক খবৰ দিয়ে৷ লগে লগে ধুবুৰী অসামৰিক চিকিৎসালয়ত এক হুলুস্থুলিয়া পৰিবেশৰ সৃষ্টি হয়। ঘটনাস্থলীত আৰক্ষী আৰু জিলা দণ্ডাধিকাৰী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।





    কাৰ গাফিলতিৰ বাবে ধুবুৰীৰ অসামৰিক চিকিৎসালয়খনত এনেবোৰ ঘটনা চলি আছে সেয়া লক্ষণীয়। ঘটনাৰ তদন্ত অব্যাহত আছে৷