• জনাকীৰ্ণ অঞ্চলত প্ৰৱেশ ঢেঁকীয়াপতীয়াৰ, উপস্থিত বন বিভাগ-আৰক্ষীৰ দল

    আঞ্চলিক
    জনাকীৰ্ণ অঞ্চলত প্ৰৱেশ ঢেঁকীয়াপতীয়াৰ,  উপস্থিত বন বিভাগ-আৰক্ষীৰ দল

    কাজিৰঙাঃ ‘কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান’ৰ দাঁতিকাষৰীয়া বাঘমাৰীত ঢেঁকীয়াপতীয়া বাঘৰ আতংক। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এটা পুখুৰীত অৱস্থান গ্ৰহণ কৰিছে বাঘটোৱে। পুৱতিনিশা বাঘটো ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে।





    দুটা বাঘৰ মাজত হোৱা পাৰস্পৰিক যুঁজৰ পাছত আঘাতপ্ৰাপ্ত হোৱা বাঘটোৱে বৰ্তমান আশ্ৰয় লৈছো পুখুৰীটোত! ঘটনীস্থলীত বন বিভাগৰ লগতে উপস্থিত হৈছে আৰক্ষীৰ লোক। বাঘটো আশ্ৰয় লৈ থকা পুখুৰীটোৰ সমীপতে আছে বহুকেইটা পৰিয়ালৰ বাসস্থান।





    অনাকাংক্ষিত যিকোনো পৰিস্থিতিৰ বাবে বহুকেইটা পৰিয়ালক ঘৰৰপৰা আঁতৰি যাবলৈ নিৰ্দেশনা প্ৰদান কৰিছে বিভাগীয় কৰ্তৃপক্ষই। বাঘটোক ট্ৰেংকুলাইজ কৰাৰ বাবে যাৱতীয় ব্যৱস্থা সাজু কৰি ৰাখিছে বন বিভাগে।