Sci & Tech
Netflix is considering raising rates for its ad-free subscriptions globally...
গুৱাহাটী : মহানগৰীৰ খাৰঘূলিৰ হোটেলত লতাশিল আৰক্ষীয়ে চলালে অভিযান৷ শুকুৰবাৰে নিশা হোটেল ৰিভেৰিয়াত আৰক্ষীয়ে অভিযান চলাই ১৮গৰাকী পুৰুষ-মহিলাক আটক কৰে আৰক্ষীয়ে৷ বহু নিশালৈ হোটেলখনত অমৃত বৰুৱা নামৰ এজন লোকক জন্মদিন উদযাপনৰ নামত চলিছিল পাৰ্টী।
আৰক্ষীয়ে আটক কৰে বিকাশ জৈন, নাছিফ আহমেদ, সুমিত কুমাৰ বেৰিয়া, চয়ন শইকীয়া, অমিত পেগু, অমিত বৰুৱা, অশোক বৰ্মন, হিৰণ্য সিনহা, ৰিদিপ বৰুৱা, সিদ্ধাৰ্থ বৰঠাকুৰ, ফাহাদ ফাৰী আলী, ৰাকেশ বৰগোহাঁই আৰু দেৱৰ্ষি বেৰিয়াসহ আটক কেইবাগৰাকীও মহিলা৷
আটকাধীন লোককেইজনে পাৰ্টিৰ নামত ড্ৰাগছ সেৱন কৰাৰ অভিযোগ উত্থাপন হোৱাৰ লগতে আৰক্ষীয়ে জব্দ কৰিছে বহু পৰিমাণৰ নিষিদ্ধ কোকেইন আৰু গাঞ্জা৷
Leave A Comment