• জন্মদিনৰ পাৰ্টী কৰি আটক মাফিয়া : দীঘল জব্দকৃত সামগ্ৰীৰ তালিকা !

    আঞ্চলিক
    জন্মদিনৰ পাৰ্টী কৰি আটক মাফিয়া : দীঘল জব্দকৃত সামগ্ৰীৰ তালিকা !

    গুৱাহাটী: জন্মদিনৰ পাৰ্টীত ড্ৰাগছ সেৱন কৰি আৰক্ষীৰ জালত পৰিল চাৰিজন ড্ৰাগছ মাফিয়া। গুৱাহাটীৰ দক্ষিণ শৰণীয়াৰ জনী আলী নামৰ লোকজনৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে ড্ৰাগছ মাফিয়াকেইটাক৷





    আটকাধীন লোককেইজন হৈছে জনী আলী, আলটাফ উদ্দীন লস্কৰ, অশোক ছেত্ৰী আৰু ৰাহুল দাস। ধৃত লোক কেইজনৰ পৰা আৰক্ষীয়ে ২.৭৯ গ্ৰাম হেৰ'ইন , ২৮ টাকৈ কণ্টেইনাৰ দুটা ৰাইফল আৰু সাতটা মোবাইল ফোন জব্দ কৰে।





    ধৃত জনী আলীয়ে বহুদিনৰ পৰাই ঘৰৰ পৰা ড্ৰাগছৰ ব্যৱসায় চলাই আছিল বুলি জানিব পৰা গৈছে।
    গোপন তথ্যৰ ভিত্তিত চানমাৰি আৰক্ষী আৰু SOG ৰ দলে দক্ষিণ শৰণীয়াত অভিজান চলাই ড্ৰাগছ মাফিয়া কেইজনক গ্ৰেপ্তাৰ কৰে। উল্লেখ্য যে, ইয়াৰে জনী আলী নামৰ লোকজন পূৰ্বতে হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত আছিল।