National
Mr Adani, who controls a conglomerate that includ
ধেমাজিঃ জোনাইৰ লকলুং গাঁৱত জন্মাষ্টমীৰ প্ৰসাদত বিষক্ৰিয়া হোৱাৰ ফলত কণ কণ শিশুসহ ১৩৫গৰাকী লোক ভিন্ন ৰোগত আক্ৰান্ত হয়। জোনাই মহকুমা প্ৰশাসনে বুধবাৰে বিষয়টোৰ খবৰ লাভ কৰি তৎকালে চিকিৎসাৰ ব্যৱস্থা আৰম্ভ কৰে। বিছনা আৰু চিকিৎসকৰ অভাৱত চিলাপথাৰ, ধেমাজি আৰু অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰি চিকিৎসা ব্যৱস্থা আৰম্ভ কৰা হৈছে।
চিকিৎসা চলি থকাৰ মাজতে বহু ব্যক্তিয়ে আৰোগ্যলাভ কৰিছে যদিও চিলাপথাৰ আদৰ্শ চিকিৎসালয়ত ১৭ গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে আৰু তাৰে কণ কণ শিশুৰ লগতে মহিলাও চিকিৎসাধীন হৈ আছে। বুট-মাহৰ পৰা বিষক্ৰিয়া হোৱাৰ বাবেই অঞ্চলটোৰ বহু লোক ভিন্ন ৰোগৰ চিকাৰ হৈছে বুলি স্থানীয় লোকে মন্তব্য প্ৰকাশ কৰিছে!
Leave A Comment