ৰাষ্ট্ৰীয়
লখিমপুৰ: মনোৰম জলপ্ৰপাত চাবলৈ গৈ কাল হ’ল এজন যুৱকৰ। লগৰীয়া সৈতে জলপ্ৰপাত চাবলৈ গৈ চাৰিদিন ধৰি নিখোঁজ যুৱকজন। নাম লখিমপুৰ ন-আলিৰ প্ৰাৰ্থজিত ফুকন(২০)। অতি দুৰ্গম আৰু পাহাৰীয়া অঞ্চলত থকা গোগামুখ মিংমাঙৰ চৰ্চিত ৰূপহী জলপ্ৰপাতটো উপভোগ কৰাৰ লগৰীয়াৰ সৈতে বুধবাৰৰ আবেলিৰ পৰা নিখোঁজ হয় প্ৰাৰ্থজিত ফুকন।
জলপ্ৰপাতটোত পৰি দুৰ্ঘটনা হোৱা বুলি লগৰীয়াই কোৱাৰ পাছত দুদিন ধৰি এছডিআৰএফ, এনডিআৰএফৰ ডুবাৰো দলে সন্ধান কৰাৰ পাছতো সন্ধান নোলাল যুৱকজনৰ। ৰহস্যজনকভাৱে প্ৰাৰ্থৰ নিখোঁজে ঘটনাই এতিয়া নতুন মোৰ লৈছে। পৰিয়ালৰ লোকে এইক্ষেত্ৰত ধেমাজি জিলাৰ গেৰুকা থানাত লগৰীয়া চাৰিজনৰ ওপৰত এজাহাৰ দাখিল কৰিছে হত্যাকাণ্ডৰ সৈতে জড়িত বুলি।
ইফালে চাৰিদিন ধৰি নিখোঁজ পাৰ্থ ফুকনৰ মৃতদেহ বিচাৰি আইনৰ কাষ চপাৰ পাছতো ধেমাজি প্ৰশাসনে কোনোধৰণৰ গুৰুত্ব নিদিয়াত মৃত পৰিয়াল তথা গাঁৱৰ লোকে প্ৰশাসনৰ বিৰুদ্ধে অৱশেষত প্ৰতিবাদৰ হুংকাৰ প্ৰদান কৰে।
Leave A Comment