• জলমগ্ন অসম : লুইতৰ ভদিয়া বানে বুৰাইছে ইখনৰ পাছত সিখন জিলা

    আঞ্চলিক
    জলমগ্ন অসম : লুইতৰ ভদিয়া বানে বুৰাইছে ইখনৰ পাছত সিখন জিলা

    গুৱাহাটী : ৰাজ্যত বানৰ বিভিষিকাময় পৰিস্থিতি৷ লুইতৰ ভদিয়া বানে বুৰাইছে ইখনৰ পাছত সিখন জিলা৷ গহপুৰত ব্ৰহ্মপুত্ৰৰ বানে বুৰাইছে ৫খনকৈ গাঁও পঞ্চায়ত৷ বুৰ গৈছে কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ কেইবাটাও বনশিবিৰো৷ বন্যাৰ্তৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ ইপিনে জোনাইত অপৰিৱৰ্তিত বান পৰিস্থিতি৷ কবু চাপৰিত ভয়াৱহ ৰূপ লৈছে চিয়াঙৰ বানে৷ কেইবাদিন ধৰি প্লাৱিত হৈ আছে বৃহত্তৰ কবু চাপৰি৷ শনিবাৰে ৩৫টা পৰিয়ালক SDRFৰ উদ্ধাৰকৰে৷ এবুকু পানীৰ মাজত বৰ্তমানেও জলবন্দী শতাধিক লোক৷ আশ্ৰয় শিবিৰত আছে ৫ শতাধিক লোক৷





    ভদীয়া বানৰ কবলত পৰিছে কলগাছিয়াৰ কাউৰজাহী৷ নিশা শ-শ পৰিয়ালৰ ঘৰত পানী সোমাই এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰে৷ বেঁকী নৈৰ বান আৰু খহনীয়াই নিদ্ৰা হৰিছে গঞাৰাইজৰ৷ নিশা বাঁহৰ পাৰ্কুপাইনেৰে খহনীয়া ৰোধৰ চেষ্টা কৰে ৰাইজে৷ কাউৰজাহীৰ PWD পথত খহালে কালভাৰ্ট৷ নুমলীগড়ত ব্ৰহ্মপুত্ৰ, ধনশিৰি, গেলাবিলৰ বিভিষিকাময় বান৷ বানত বুৰিল নিকৰি বালিগাঁও পথ, কৃষিভূমি৷ দিচৈ পঞ্চায়তৰ নিকৰি, বালিগাঁও, টেমেৰাসহ ২০ গাঁও জলমগ্ন হয়৷ বহু পৰিয়ালৰ চাং ঘৰৰ তলে তলে বানপানী৷ প্ৰশাসনে বানাক্ৰান্তৰ খবৰ নোলোৱাৰ অভিযোগো উত্থাপন কৰে বানাক্ৰান্তই৷





    আনহাতে বানত বুৰ যায় জোনাইৰ চেঙাজান গোৱালা গাঁও, চেৰেংচাপৰি৷ চেঙাজান কৈৱৰ্ত, অপচৰা, লম্বা মিলনপুৰতো বানৰ বিভিষিকাময় পৰিস্থিতি৷ লম্বা মিচিং, লম্বা চাপৰি, বগৰী চাপৰিত বানে তান্দৱ ৰূপ ধাৰণ কৰে৷ ব্ৰহ্মপুত্ৰৰ বানত বিধ্বস্ত হয় প্ৰায় ৮০ খন গাঁও৷ ডিব্ৰু-ছৈখোৱা সংলগ্ন লাইকা দধিয়াত বান৷ বানৰ কবলৰ পৰা মুক্ত হোৱা নাই দধিয়াবাসী৷ সাগৰসদৃশ পৰিৱেশত দুৰ্বিসহ জীৱন বানাক্ৰান্তৰ৷