• জলসম্পদ বিভাগৰ কাৰ্যালয়ত মন্ত্ৰীৰ ছাডেন ভিজিট, গুৰুতৰ অনিয়ম পোহৰলৈ

    আঞ্চলিক
    জলসম্পদ বিভাগৰ কাৰ্যালয়ত মন্ত্ৰীৰ ছাডেন ভিজিট, গুৰুতৰ অনিয়ম পোহৰলৈ

    গুৱাহাটী : গুৱাহাটীৰ চানমাৰিত থকা জলসম্পদ বিভাগৰ মুখ্য অভিযন্তাৰ কাৰ্যালয় আজি আকস্মিক পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাই। ৰাজ্যৰ বিভিন্ন অঞ্চল বানৰ কৱলত পৰাৰ সময়তে কাৰ্যালয়ত মন্ত্ৰী উপস্থিত হৈ কেইবাজনো বিষয়া-কৰ্মচাৰী অনুপস্থিত থকাত অসন্তুষ্ট হৈ পৰে মন্ত্ৰী হাজৰিকা৷ ইয়াৰে কিছুমান কৰ্মচাৰীয়ে চহী কৰি কাৰ্যালয় ত্যাগ কৰা বুলিও তেওঁ ধৰা পেলায়৷





    বিষয়া-কৰ্মচাৰীৰ উপস্থিতিৰ বহী নিৰীক্ষণ কৰি মন্ত্ৰীগৰাকীয়ে এনে অনিয়ম ধৰা পেলায়৷ কাৰ্যালয়ৰ লেতেৰা পৰিৱেশ দেখি অসন্তুষ্ট হৈ পৰা মন্ত্ৰীগৰাকীয়ে ৭দিনৰ ভিতৰত কাৰ্যালয় পৰিষ্কাৰ কৰিবলৈ নিৰ্দেশো দিয়ে। তেওঁ ফিল্ডত ৫ জন মানুহ থাকে আৰু কাৰ্যালয়ত ৩৫০জন থাকে বুলি মন্তব্য কৰি মুখ্য কাৰ্যালয়ৰ পৰা ৩০শতাংশ লোকে ফিল্ডত কাম কৰিলে বিভাগটোৰ বাবে আৰু ভাল হ'ব বুলি মত প্ৰকাশ কৰে।





    তদুপৰি, আজি অনুপস্থিত থকা ১৪জনৰ কৰ্মচাৰীৰ এদিনৰ দৰমহা কৰ্তন কৰাৰ নিৰ্দেশ দিয়ে মন্ত্ৰী হাজৰিকাই। প্ৰশাসনীয় সংস্কাৰ সাধনৰ লগতে মুখ্য কাৰ্যালয়ত যদি অতিৰিক্ত মানুহ আছে তেওঁলোক ফিল্ডলৈ যাব লাগিব বুলিও তেওঁ মন্তব্য কৰে।