• জাতিংগাত ভয়ংকৰ পথদুৰ্ঘটনা! গুৰুত্বৰভাৱে আহত কেইবাজনো

    আঞ্চলিক
    জাতিংগাত ভয়ংকৰ পথদুৰ্ঘটনা! গুৰুত্বৰভাৱে আহত কেইবাজনো

    হাফলং: দুৰ্ঘটনাৰ খবৰে প্ৰায়ে শিৰোনাম দখল কৰে। কেতিয়াবা যদি পথৰ দুৰৱস্থাৰ বাবে, কেতিয়াবা আকৌ সুৰাসক্ত চালকৰ বাবে সংঘটিত হয় দুৰ্ঘটনা। ৰাজ্যৰ পথ সুৰক্ষা বিভাগ আৰু যান-বাহন নিয়ন্ত্ৰণ শাখাৰ আৰক্ষীয়েও তীব্ৰগতিত গাড়ী চলোৱা লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে যদিও প্ৰায় চালকসকলে পুনৰ একেটা ভুলকে কৰে!





    ডিমা হাছাওৰ জাতিংগাত নিশা সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা। বলেৰ’ৰ খুন্দাত গুৰুতৰভাৱে আহত হৈছে চাৰিগৰাকীকৈ লোক। তিনিগৰাকী মহিলাসহ আহত হৈছে এটি শিশু। আহত চাৰিওগৰাকীক হাফলং চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। ‘জাতিংগা মহোৎসৱ’ৰ পৰা আহি আছিল চাৰিওগৰাকী লোক। বলেৰ’খনৰ চালকৰ বিৰুদ্ধে সুৰাপান কৰাৰ অভিযোগ উত্থাপন হৈছে।