• জাত-পাতৰ ক’লীয়া ডাৱৰ ভাৰতীয় ক্ৰিকেটত

    আঞ্চলিক
    জাত-পাতৰ ক’লীয়া ডাৱৰ ভাৰতীয় ক্ৰিকেটত

    নতুন দিল্লীঃ কিছুদিন পূৰ্বে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অলৰাউণ্ডাৰ সুৰেশ ৰাইনা বিতৰ্কত সাঙুৰ খাই পৰিছিল। ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমত তামিলনাডু প্ৰিমিয়াৰ লীগৰ প্ৰথম খেলখনক লৈ মন্তব্য কৰাৰ সময়ত জাত-পাতৰ সন্দৰ্ভত মন্তব্য ৰাইনাৰ। যিহেতু তেওঁ চেন্নাই ছুপাৰ কিংছৰ হৈ খেলে, সেইবাবে দক্ষিণ ভাৰত সম্পৰ্কে ৰাইনাৰ ভালপোৱাৰ বিষয়ে জানিবলৈ বিচাৰিছিল বক্তাই। বক্তাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ ৰাইনাই প্ৰথমে ‘ব্ৰাহ্মণত্ব’ৰ কথা উল্লেখ কৰে। এই মন্তব্যক কেন্দ্ৰ কৰি তিক্ত বিকৰ্তৰ সূত্ৰপাত হয়। ৰাইনাই কৈছিল, ‘ মই ভাবো, মই এজন ব্ৰাহ্মণ। ২০০৪চনৰ পৰাই মই চেন্নাইৰ হৈ খেলিছো। ইয়াৰে সংস্কৃতি মোৰ বৰ ভাল লাগে।





    দলৰ সতীৰ্থসকলক মই বৰ ভাল পাওঁ। অনিৰুদ্ধ শ্ৰীকান্ত, বদ্ৰী (সুব্ৰমণিয়াম বদ্ৰীনাথ), বালা ভাই (লক্ষ্মপতি বালাজী) এওঁলোকৰ পৰা শিকিবলৈ বহুতো আছে। ‘চেন্নাই ছুপাৰ কিংছ’ দলৰ অংশ হ’বলৈ পোৱা বাবে নিজকে সৌভাগ্যৱান বুলি ভাবো।’ সুৰেশ ৰাইনাৰ এই মন্তব্যক লৈ মুঠেও সুখী নহয় একাংশ নাগৰিক। তেওঁলোকৰ মতে, দক্ষিণ ভাৰতীয়সকলৰ প্ৰতি ভালপোৱা প্ৰকাশ কৰোতে ‘ব্ৰাহ্মণত্ব’ৰ প্ৰসংগ উত্থাপন কৰাৰ কোনো প্ৰয়োজন নাছিল।
    সুৰেশ ৰাইনাৰ ‘ময়ো ব্ৰাহ্মণ’মন্তব্যৰ বিতৰ্কৰ মাজতে জ্বলা জুইত যেন ঘিউহে ঢালিলে বাওঁহতীয়া অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাই। জাদেজাৰ মন্তব্য, ‘ৰাজপুত বয় ফ’ৰএভাৰ, জয় হিন্দ।’ জাদেজাৰ এই মন্তব্যৰ পাছত অলৰাউণ্ডাৰ গৰাকীও টুইটাৰত সমালোচিত হৈছে। উল্লেখ্য যে, ভাৰতীয় ক্ৰিকেট দলৰ এগৰাকী অভিজ্ঞ খেলুৱৈৰ এনে মন্তব্যত চিন্তিত সচেতন মহল।