• জামুক বুটলিবলৈ যোৱা কণমানিক ধৰ্ষণ আৰু হত্যা : জঘন্য কাণ্ডৰ বৰ্ণনা কৰিলে নৰপিশাচটোৱে

    আঞ্চলিক
    জামুক বুটলিবলৈ যোৱা কণমানিক ধৰ্ষণ আৰু হত্যা : জঘন্য কাণ্ডৰ বৰ্ণনা কৰিলে নৰপিশাচটোৱে

    মৰিগাঁও : ধৰ্ষণ তথা অপৰাধৰ ৰম্যভূমি হৈ পৰিছে মৰিগাঁও জিলা৷ সঘনাই সংঘটিত ধৰ্ষণৰ নতুন নতুন গোচৰ ৰুজু হৈ আহিছে৷ তাৰ মাজতে ভূৰাগাঁৱৰ শিশু ধৰ্ষণ তথা হত্যাকাণ্ডৰ তদন্তও অব্যাহত আছে৷ চতুৰ্থ শ্ৰেনীৰ কণমানি এগৰাকীৰ ধৰ্ষণ তথা হত্যা কৰিছিল চৈয়দ আলী নামৰ ৬৫ বছৰীয়া এজন বৃদ্ধাই৷ পুৱা ৫ বজাতে চৰাই পোৱালিক খুৱাবৰ বাবে জামুক বুটলিবলৈ যোৱা কণমানি গৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছিল মৰাপাট খেতিৰ মাজত।





    নশংস ভাৱে ধৰ্ষণ কৰি হত্যা কৰা হৈছিল কণমানি জনীক। আনকি হত্যাৰ পাছতো যৌন উৎপীড়ন কৰা হৈছিল নাবালিকাক। আৰু এই জঘণ্য কাণ্ড সংঘটিত হৈছিল বিগত ২৫ জুনত ৷ আজি ঘটনাস্থলীলৈ নিয়া হ’ল হত্যাকাৰী চৈয়দ আলীক৷ পুৱতি নিশা আৰক্ষীয়ে চৈয়দ আলীক নিলে ঘটনাস্থলীলৈ৷ কেমেৰাৰ সন্মুখত জঘন্য কাণ্ডৰ বৰ্ণনা নৰপিশাচটোৰ৷ বালিডোংগাত দণ্ডাধীশৰ উপস্থিতিত তদন্ত প্ৰক্ৰিয়া৷ বিশাল আৰক্ষী বাহিনীৰ উপস্থিতিত নিলে চৈয়দক৷ কিছুদিন পূৰ্বে চৈয়দক ভৰিত গুলীয়াইছিল আৰক্ষীয়ে৷