Environment
জাৰ্মানীঃ ১৯৭৪ চনৰ বিশ্বকাপ জয়ী জাৰ্মান ফুটবল দলৰ কিংবদন্তি ষ্টাৰ গাৰ্ড মুলাৰ আৰু নাই! ৭৫ বছৰ বয়সত মৃত্যু ঘটে তাৰকা ফুটবলাৰগৰাকীৰ। ১৯৪৫ চনৰ ৩ নৱেম্বৰত পশ্চিম জাৰ্মানীত জন্মগ্ৰহণ কৰিছিল গাৰ্ড মুলাৰে। দেশৰ হৈ খেলা মুঠ ৬২খন আন্তঃৰাষ্ট্ৰীয় খেলত ৬৮টা গ’ল দিছিল তেওঁ। জাৰ্মান ফুটবলৰ প্ৰাক্তন ষ্ট্ৰাইকাৰজনে ৭৪খন ইউৰোপীয় খেলত ৬৬টা আৰু ৪২৭খন বুন্দেছলীগা খেলত ৩৬৫টা গ’ল দি অনন্য কৃতিত্ব অৰ্জন কৰিছিল।
১৯৭৪ চনৰ বিশ্বকাপত সৰ্বাধিক গ’ল স্ক’ৰাৰ আছিল মুলাৰ। দেশৰ ইতিহাসৰ শ্ৰেষ্ঠ ফুটবলাৰসকলৰ মাজৰ এজন বুলি বুন্দেছলীগাত তেওঁৰ ক্লাব বায়াৰ্ণ মিউনিখে সদৰী কৰিছে। উল্লেখ্য যে, গাৰ্ড মুলাৰে ১৯৭২চনত এটা ছিজনত ৮৫টা গ’লৰে বিশ্ব অভিলেখ গঢ়িছিল। ৪০বছৰ ধৰি কোনেও তেওঁৰ এই অভিলেখ ভংগ কৰিব পৰা নাছিল। পৰৱৰ্তী সময়ত অৰ্থাৎ ২০১২ চনত লিঅ’নেল মেছীয়ে মুলাৰৰ বিশ্ব অভিলেখ স্পৰ্শ কৰিছিল। দুখন বিশ্বকাপ খেলত ১৪টা গ’লেৰে আন এক কৃতিত্বৰ অধিকাৰী হৈছিল মুলাৰ। সুদীৰ্ঘ ৩২বছৰ পাছত অৰ্থাৎ ২০০৬ চনৰ বিশ্বকাপত তাৰকা ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডই তেওঁক অতিক্ৰম কৰিছিল। সম্প্ৰতি কিংবদন্তি খেলুৱৈগৰাকীৰ মৃত্যুত শোকৰ ছাঁ পৰিছে দেশখনত।
Leave A Comment