• জিএমচিএইচত ড০ হিমন্ত বিশ্ব শৰ্মাঃ পাৰ্কিঙতো আইচিইউ নিৰ্মাণৰ ব্যৱস্থা

    আঞ্চলিক
    জিএমচিএইচত ড০ হিমন্ত বিশ্ব শৰ্মাঃ পাৰ্কিঙতো আইচিইউ নিৰ্মাণৰ ব্যৱস্থা

    গুৱাহাটীঃ ক’ভিডসৃষ্ট পৰিৱেশৰ মাজতে ‘জিএমচিএইচ’ত উপস্থিত হয় ড০ হিমন্ত বিশ্ব শৰ্মা। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ২৪৪ টা কেন্দ্ৰত বৰ্তমানলৈ ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰা হৈছে বুলি মন্তব্য প্ৰকাশ কৰাৰ লগতে ১.৫ লাখ ভেকচিন বৰ্তমানেও মজুত আছে বুলি জনায় শৰ্মাই। ৯মে’ৰ পৰা ১৮-৪৪ বছৰীয়া ব্যক্তিৰ ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰা হ’ব বুলিও জনায়।





    আৰু পঢ়িব পাৰিব :  কৰ’নাৰ বিভীষিকাঃ নগাঁৱত পুনৰ মৃত্যু এজনৰ





    বৃহস্পতিবাৰে ১লাখ, আজি ১ লাখ আৰু কাইলৈ ১লাখ ভেকচিন প্ৰেৰণ কৰিব ভাৰত চৰকাৰে। জিএমচিএইচত ৫৬টা নতুন আইচিইউৰ কাম চলি আছে। কাইলৈৰপৰা পাৰ্কিঙতো ২০০টা আইচিইউ নিৰ্মাণৰ আৰম্ভ হ’ব। ২৪টা কালাপাহাৰত নিৰ্মাণ কৰি থকা হৈছে। শিলচৰ মেডিকেল কলেজত ৬০খন আইচিইউ বেডৰ ব্যৱস্থা কৰা হৈছে।





    আৰু পঢ়িব পাৰিব :  ক’ভিড-১৯ৰ যুঁজৰ বাবে বিৰাট-অনুষ্কাৰ ২কোটিৰ অনুদান: অনলাইন পুঁজিসংগ্ৰহৰ অভিযান আৰম্ভ





    জাগীৰোডত ৬০খন আইচিইউ বিচনা, এমএমচিএইচত ৬২খন আইচিইউ বিচনা ব্যৱস্থা কৰা হৈছে। ডাউনটাউনতো হ’ব ৪০০খন আইচিইউ বিচনা। DRDOক ৩০০খন বিচনাযুক্ত হাস্পতাল বনাবলৈ অনুৰোধ জনোৱাৰ কথা ব্যক্ত কৰে শৰ্মাই। কনটেইনমেণ্ট জ’ন হোৱাৰ বাবে ক’ভিডৰ সংখ্যা কমাৰ আশা প্ৰকাশ কৰিছে তেওঁ। বিমান যাত্ৰীসকলৰ বাবে কাইলৈ নতুন এছঅ’পি প্ৰকাশ পাব বুলিও উল্লেখ কৰে ড০ শৰ্মাই।