• জিএমচিএইচত নিশা নাথাকে এজনো জ্যেষ্ঠ চিকিৎসক: ক্ষুব্ধ স্বাস্থ্যমন্ত্ৰী

    আঞ্চলিক
    জিএমচিএইচত নিশা নাথাকে এজনো জ্যেষ্ঠ চিকিৎসক: ক্ষুব্ধ স্বাস্থ্যমন্ত্ৰী

    গুৱাহাটী : নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ছাডেন ভিজিট৷ প্ৰতিটো মহলা তন্নতন্নকৈ পৰিদৰ্শন কৰে কেশৱ মহন্তই৷ উল্লেখ্য যে, কিছু দিন আগত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জিএমচিত নিশা জেষ্ঠ্য চিকিৎসক থকাটো বাঞ্চনীয় বুলি ঘোষণা কৰিছিল৷ কিন্তু এই নিৰ্দেশনাৰ পাছতো নিশা নাছিল এজনো জ্যেষ্ঠ চিকিৎসক৷





    সোমবাৰে জিএমচিএইচত মৃত্যু হয় ১২জন ক'ভিড আক্ৰান্তৰ৷ এই ঘটনাৰ পাছতে চিকিৎসালয়খনত স্বাস্থ্যমন্ত্ৰীৰ ছাডেন ভিজিট ৷ জ্যেষ্ঠ চিকিৎসকক নাপাই ক্ষুব্ধ মন্ত্ৰী কেশৱ মহন্ত৷ চিকিৎসকৰ ডিউটী লিষ্ট পৰীক্ষা কৰিলে স্বাস্থ্যমন্ত্ৰীয়ে৷ শিশুৰ বাবে হাস্পতালখনত সাজু ৩০০খন বিছনা৷