National
গুৱাহাটী : অসম অলিম্পিক সন্থাৰ গুৰুত্বপূ্ৰ্ণ সংবাদমেল। সন্থাই আজি অনুষ্ঠিত কৰা এই সংবাদমেলত ভালেমান গুৰুত্বপূৰ্ণ ঘোষণা কৰে। সংবাদমেলযোগে প্ৰত্যেক জিলা সদৰত ৫ কোটি টকাকৈ ব্যয়েৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ছুইমিং পুল নিৰ্মাণ কৰাৰ দৰে গুৰুত্বপূৰ্ণ ঘোষণা কৰে সন্থাই৷ অসম চৰকাৰৰ কেবিনেটৰ সিদ্ধান্ত অনুসৰি ক্ৰীড়া বিভাগৰ প্ৰতি প্ৰশংসাসূচক সংবাদমেল সম্বোধন লক্ষ্য কোঁৱৰৰ। অসমৰ খেলুৱৈৰ প্ৰতি অসম কেবিনেটে দিয়া সন্মানৰ শলাগ লয় অসম অলিম্পিক সন্থাই৷ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ এই সিদ্ধান্তই ৰাজ্যৰ প্ৰতিভাৱান খেলুৱৈসকলক অনুপ্ৰাণিত কৰিব বুলি সন্থাই উল্লেখ কৰে।
খেলুৱৈসকলক কেৱল নিজৰ খেলৰ প্ৰতি অধিক মনোযোগ দিয়াৰ বাবেও সংবাদমেলযোগে সন্থাই আহ্বান জনায়৷ চৰকাৰৰ লগতে অসমৰ ক্ৰীড়া সংগঠকে খেলুৱৈৰ বাবে কৰণীয় সকলো কৰিব বুলি উল্লেখ কৰি কোঁৱৰে কয়, কাইলৈ অসমৰ কৃতি খেলুৱৈৰ বাবে অসম চৰকাৰৰে বিশেষ ক্ৰীড়া নীতি ঘোষণা কৰিছে৷ ক্ৰীড়াক্ষেত্ৰত আধুনিক প্ৰকল্পৰে ৫০ টা নতুন আন্তগাঁঠনি অসমে লাভ কৰিব। চৰকাৰে পালন কৰিব ৰাজ্যিক ক্ৰীড়াপেঞ্চন দিৱস৷ খেলুৱৈ বাবে চিন্তা কৰা চৰকাৰৰ শলাগ লয় কোঁৱৰে৷
আনহাতে, অলিম্পিক পদক বিজয়ী লাভলীনাৰ গৃহ চহৰত বহুমুখী ক্ৰীড়া প্ৰকল্প স্থাপনৰ লগতে ছিনিয়ৰ ৰাষ্ট্ৰীয় খেলসমূহত পদক পোৱাসকলকো অগ্ৰাধিকাৰৰ ভিত্তিত চৰকাৰী পদত নিযুক্তিৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনায় অসম অলিম্পিক সন্থাই৷ সংহত ক্ৰীড়া নীতি, অসম, ২০১৮ৰ ভিত্তিত কালি অনুষ্ঠিত কেবিনেট বৈঠকত বক্সাৰ যমুনা বড়ো আৰু আৰ্চাৰ সঞ্জয় বড়োক আবকাৰী পৰিদৰ্শকৰ পদত নিযুক্তি প্ৰদানৰ সিদ্ধান্তকো আদৰণি জনায় সন্থাই। সন্থাই লগতে, তৃণমূল পৰ্যায়ত প্ৰশিক্ষক সৃষ্টিৰ বাবে অসম স্কীল ডেভেলপমেণ্টৰ জৰিয়তে ব্যৱস্থা গ্ৰহণ কৰিবলৈও চৰকাৰলৈ আহ্বান জনায়৷
Leave A Comment