• জেইই কেলেংকাৰী : ভাৰ্গৱ ডেকাৰ জামিন আবেদন নাকচ

    আঞ্চলিক
    জেইই কেলেংকাৰী : ভাৰ্গৱ ডেকাৰ জামিন আবেদন নাকচ

    গুৱাহাটী : বিগত বৰ্ষৰ অনুষ্ঠিত হোৱা জেইই পৰীক্ষা কেলেংকাৰীৰ গোচৰত গ্ৰেপ্তাৰ হোৱা গ্ল'বেল এডুলাইটৰ স্বত্বাধিকাৰী ভাৰ্গৱ ডেকাৰ জামিন আবেদন নাকচ হয় আদালতত৷ দুদিনমানৰ পূৰ্বে জামিন আবেদন কৰিছিল ভাৰ্গৱ ডেকাই৷ সৰ্বভাৰতীয় এই পৰীক্ষাত জালিয়াতি কৰাত পৰীক্ষা নিৰীক্ষকেই সুৰক্ষা দিছিল ‘প্ৰক্সি’ পৰীক্ষাৰ্থীক৷





    আৰু পঢ়িব পাৰিব : মাইক্ৰফাইনেন্সৰ বিৰুদ্ধে ঘৰ এৰি প্ৰতিবাদ ভুক্তভোগী মহিলাৰ…





    চিকিৎসক ডাঃ জ্যোতিৰ্ময় দাসে পুত্ৰ নীল নক্ষত্ৰ দাসক পৰীক্ষাক উত্তীৰ্ণ কৰোঁৱাবলৈ ১৪ লাখ টকা দিয়া বুলি প্ৰমাণিত হয়৷ বায়'মেট্ৰিক টেষ্ট দিয়েই পৰীক্ষাকেন্দ্ৰৰ পৰা ওলাই গৈছিল অভিযুক্ত পৰীক্ষাৰ্থী নীল নক্ষত্ৰ৷ তাৰ পাছত ‘প্ৰক্সি’ পৰীক্ষাৰ্থী প্ৰদীপ কুমাৰে নীল নক্ষত্ৰৰ হৈ পৰীক্ষা দিছিল৷





    উল্লেখ্য যে, নীল নক্ষত্ৰই জেইইৰ প্ৰথম প্ৰচেষ্টাত ভাল স্থান পাবলৈ পৰ্যাপ্ত নম্বৰ পোৱা নাছিল৷ যাৰ বাবে পিতৃ জ্যোতিৰ্ময়ে গ্ল'বেল এডুলাইটৰ স্বত্বাধিকাৰী ভাৰ্গৱৰ কাষ চাপিছিল জালিয়াতিৰে পৰীক্ষাত উত্তীৰ্ণ কৰোঁৱাবলৈ৷ এডুলাইটৰ কাউন্সিলৰ কাকলি বুজৰবৰুৱাৰ দায়িত্ব আছিল ভুৱা পৰীক্ষাৰ্থীৰ জৰিয়তে কেনেদৰে পৰীক্ষা দিব পাৰি সেয়া অভিভাৱকক বুজাই সন্মত কৰা৷





    আৰু পঢ়িব পাৰিব : ক’ভিডৰ বিৰুদ্ধে আন এখন যুঁজ, ৮২ বছৰীয়া ব্ৰিয়ান প্ৰথম যোদ্ধা





    ইয়াৰ বাবে পৰীক্ষকক মেনেজ কৰিছিল ভাৰ্গৱ ডেকাই৷ অভিযোগনামা অনুসৰি ৪ ছেপ্টেম্বৰত দিল্লীৰ পৰা বিমানযোগে গুৱাহাটীলৈ আহিছিল ভাৰাতীয়া পৰীক্ষাৰ্থী প্ৰদীপ কুমাৰ৷