• জেএমবি সন্দেহত ধুবুৰীত গ্ৰেপ্তাৰ হ’ল দুজন

    আঞ্চলিক
    জেএমবি সন্দেহত ধুবুৰীত গ্ৰেপ্তাৰ হ’ল দুজন

    ধুবুৰী : ধুবুৰী আৰক্ষীয়ে আজি গ্ৰেপ্তাৰ কৰে দুজনকৈ সন্দেহজনক জেএমবিৰ সদস্যক। কেইদিনমান পূৰ্বে গৌৰীপুৰ থানাৰ অন্তৰ্গত লালকুৰাত অভিযান চলাই ধুবুৰী আৰক্ষীয়ে জব্দ কৰিছিল চাৰিটাকৈ হস্তনিৰ্মিত পিস্তল, জালনোট তথা বহু আপত্তিজনক সামগ্ৰী।





    আৰু পঢ়িব পাৰিব : কংগ্ৰেছৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ, ৰাইজলৈ অখিল গগৈৰ পত্ৰ





    আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল মজিবৰ শ্বেক আৰু ফয়জাৰ আলী নামৰ দুজন সন্দেহজনক লোকক।ধুবুৰী আৰক্ষীয়ে কৰা সোধাপোছাত জেএমবিৰ লগত সম্পর্ক থকাৰ ভয়ংকৰ তথ্য লাভ কৰে। মজিবৰৰ স্বীকাৰোক্তিৰ ভিত্তিত লালকুৰাৰ পৰা গ্ৰেপ্তাৰ কৰে ফয়জাৰ আলীক।





    আৰু পঢ়িব পাৰিব : কৰ’নাই কাঢ়ি নিলে প্ৰধানমন্ত্ৰী মোডীৰ আত্মীয়ক…





    পূৰ্বে, মালটাৰ লগত জড়িত থকা ফয়জাৰ আলী বৰ্তমান জেএমবিৰ লগত জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। কাঠমিস্ত্ৰী হিচাপে কৰ্মৰত থকা ফয়জাৰক লৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।