• জোঁৱায়েকৰ বিৰুদ্ধে শাহুৱেকক হত্যাৰ অভিযোগ

    আঞ্চলিক
    জোঁৱায়েকৰ বিৰুদ্ধে শাহুৱেকক হত্যাৰ অভিযোগ

    তিনিচুকীয়া: তিনিচুকীয়াত সংঘটিত হোৱা নৃশংস হত্যাকাণ্ডই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ৷ জিলাখনৰ ককৰাতলিত জোঁৱায়েকে শাহুয়েকক হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।





    অভিযোগ অনুসৰি, জোঁৱায়েক পলাশ গগৈয়ে শাহুয়েক পদ্মা গগৈক হত্যা কৰি ঘৰৰ পাছফালে পেলাই থোৱাৰ সন্দেহ প্ৰকাশ কৰিছে৷ জীয়েকৰ ঘৰত নাতিনীয়েকৰ তোলনীয়া বিয়ালৈ আহিছিল শাহুয়েকগৰাকী। বিয়াৰ শেষত প্ৰথমে নিজ পত্নীক মাৰধৰ কৰাৰ লগতে নিজ শাহুৱেক পদ্মা গগৈক মৰিয়াই মৰিয়াই ঘৰৰ পাছফালে পেলায় থোৱাৰ অভিযোগ উত্থাপন হৈছে।





    এই ঘটনাৰ পাছতে ঘটনাস্থলীত তিনিচুকীয়া সদৰ থানাৰ আৰক্ষী উপস্থিত হৈ অভিযুক্ত পলাশ গগৈক আটক কৰে। ইতিমধ্যে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে৷