International
নতুন দিল্লীঃ কিছুদিন আগেয়ে উন্নত প্ৰদৰ্শনৰ অভাৱৰ বাবে তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল ৰিয়ান পৰাগ। সঞ্জয় মাঞ্জেকাৰ,আকাশ চোপ্ৰাৰ উপৰি দক্ষিণ আপ্ৰিকাৰ বেগী বলাৰ ডেল ষ্টেইনৰ দৰে অভিজ্ঞ ক্ৰিকেটাৰো ৰিয়ান পৰাগক লৈ সৰব হৈ পৰা দেখা গৈছিল। আনকি নাচোন বাগোনৰ বাহিৰে দলৰ বাবে একো কৰিব নোৱাৰা ৰিয়ানক দলত অন্তৰ্ভুক্ত কৰাৰ কোনো যুক্তি নাই বুলিও কৈছিল ডেল ষ্টেইনে। ইফালে ৰিয়ান পৰাগৰ স্থানত শিৱম ডুবেক দলত অন্তৰ্ভুক্ত কৰাৰ কথা সদৰী কৰিছিল আকাশ চোপ্ৰাই।
কিন্তু সমালোচনাৰ ধুমুহাক নেওচি কিদৰে প্ৰত্যাৱৰ্তন কৰিব পাৰি সেয়া ৰিয়ানে জানে, বুজে। ৰিয়ানৰ পৰা আহিল কুইক ৰেছপনছ। ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিৰুদ্ধে অনুষ্ঠিত খেলখনত ৰিয়ানৰ নাটকীয় প্ৰত্যাৱৰ্তনে হতচকিত কৰি তুলিছে সকলোকে। ৰাজস্থান বনাম আৰচিবিৰ মাজত অনুষ্ঠিত খেলখনত দুৰন্ত ফিল্ডিঙেৰে নজিৰ সৃষ্টি কৰিলে ৰিয়ানে। ৰিয়ানৰ দুৰন্ত থ্ৰ’ৰ চিকাৰ হৈ পৰিল অধিনায়ক কোহলী। ৰিয়ানৰ থ্ৰ’ক নেওচি ন’ন ষ্ট্ৰাইকাৰ এণ্ড স্পৰ্শ কৰিব নোৱাৰিলে কোহলীয়ে। উল্লেখ্য যে, ২০১৫চনত ডুৱাইন ব্ৰেভ’ৰ পাছত আইপিএলত কোহলীক ৰান আউট কৰা ৰিয়ান পৰাগ দ্বিতীয় ক্ৰিকেটাৰ। কোহলীক ৰান আউট কৰা ৰিয়ানৰ ডাইৰেক্ট থ্ৰ’ৰ ভিডিঅ’টি সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।
Leave A Comment