ধেমাজি: জোনাইত বিগত ১১আগষ্টত জোনাইৰ এজনী কনমানিক অপহৰণৰ ঘটনা মাৰ নাযাওঁতে আজি পুনৰ এগৰাকী অপহৃত কিশোৰীক উদ্ধাৰ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ঘটনাৰ বিৱৰণী মতে জোনাইৰ সীমান্ত অৰুণাচল প্ৰদেশৰ ৰোকচিনত ডিব্ৰুগড় লেপেটকটাৰ পৰা জিনা নায়াৰ নামৰ ১০বছৰীয়া কিশোৰীক অপহৰণ কৰি অৰুণাচলত বিক্ৰীৰ বাবে নিয়াৰ সময়ত কালি নিশা ২নং তৰাজান গাঁওৰক্ষী বাহিনীয়ে উদ্ধাৰ কৰি অৰুণাচল আৰক্ষীক গটাই দিয়ে৷
গাঁওৰক্ষী বাহিনীয়ে উদ্ধাৰ কৰা কিশোৰীগৰাকীক অৰুণাচলৰ ৰোকচিন আৰক্ষীৰ সহযোগত আজি পুৱাই জোনাই আৰক্ষীক গটাই দিয়ে৷ গাঁওৰক্ষী বাহিনীয়ে জনোৱা মতে সোমবাৰে নিশা ডিব্ৰুগড়ৰৰ লেপেটকটা চাহ বাগিচাৰ পৰা অজ্ঞাত ব্যক্তিয়ে অপহৰণ কৰি আনি অৰুণাচলত বিক্ৰীৰ বাবে নিছিল৷
জোনাই সীমান্ত অৰুণাচলৰ ৰোকচিনৰ এটা পৰিয়ালত নিশা কটাবৰ বাবে আশ্ৰয় বিছাৰিছিল যদিও পৰিয়ালটোৱে আশ্ৰয় নিদিয়াত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত থকা এখন ‘ডেকা’ নামৰ হোটেলত নিশাটো কিশোৰীগৰাকীক এৰি থৈ যায়।
Leave A Comment