• জোনাই চিমেন চাপৰিত বৈশাগু উদযাপন : মুম্বাইৰ পৰা অহা অতিথিয়ে উপভোগ কৰিলে বাগুৰুম নৃত্য

    আঞ্চলিক
    জোনাই চিমেন চাপৰিত বৈশাগু উদযাপন : মুম্বাইৰ পৰা অহা অতিথিয়ে উপভোগ কৰিলে বাগুৰুম নৃত্য

    ছিলাপথাৰ : জোনাই চিমেন চাপৰিত বৈশাগু উদযাপন৷ এবছৰৰ পাছত ৰাজ্যৰ চৌদিশে ঢোল, পেপা, গগনাৰ মাতে ৰজনজনাইছে। ৰঙালীৰ পাৰভঙা উৎসাহ ডুব গৈছে বিভিন্ন জাতি-জনগোষ্ঠীয় চহা অসমীয়া ৰাইজ। এইক্ষেত্ৰত ব্যতিক্ৰম হোৱা নাই জোনাই চিমেন চাপৰিও। পহিলা ব’হাগৰ দিনাই চিমেন চাপৰিৰ চানজাৰি নগৰ বৈশাগু উদযাপন সমিতিৰ উদ্যোগত অনুষ্ঠিত হৈছে সপ্তমবাৰৰ বাবে ৰংজালু বৈশাগু উৎসৱ।





    আৰু পঢ়িব পাৰিব :বৰপেটাৰোড চহৰত দিন দুপৰতে চুৰিকাণ্ড: আটক দুই দুৰ্ধষ চোৰ





    চিমেন চাপৰিৰ চানজাৰী নগৰৰ বড়িমুৰিত পথাৰত সমবেত হ'ল সহস্ৰজন বিহুবলীয়া ৰাইজ। ৰংজালু বৈশাগু উৎসৱত অনুষ্ঠানত উপস্থিত থাকে ইউবিপিঅ’ৰ সভাপতি মনোৰঞ্জন বসুমতাৰীয়ে- বিহু অসমীয়া জাতিৰ সংগ্ৰামৰ অবিচ্ছেদ্য অংগ। বিহু আমাৰ জাতীয় জীৱনৰ আয়ুসৰেখা আৰু বড়ো জনগোষ্ঠী থকালৈক বিহু থাকিব বুলি সদৰী কৰে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মিহিনিশ্বৰ বসুমতাৰীয়ে।





    আৰু পঢ়িব পাৰিব :ক’ভিডভীতিৰ মাজতে ৰাজ্যবাসীয়ে পালন কৰিছে গৰু বিহু





    নতুন বৰ্ষত ৰাজ্যৰ বিভিন্ন জাতি-জনগোষ্ঠীয়ে সমিলমিলেৰে থাকিব লাগিব। ৰাইজ আৰু সমাজৰ কাৰণে কাম কৰিব লাগিব বুলি বিহু শুভেচ্ছা জ্ঞাপন কৰে মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে। বড়ো জনগোষ্ঠীৰ বাগোৰুম বা গীত-নৃত্যৰে মুখৰিত হৈ পৰা পৰিৱেশ উপভোগ কৰি অভিভূত হৈ পৰে মুম্বাইৰ পৰা অহা অতিথিয়ে৷