• জৌংছাৰ মুছাহাৰীৰ ঘৰত মানুহৰ ভিৰ, বিজেপি নেতাই আগবঢ়াইছে আৰ্থিক সাহায্য

    আঞ্চলিক
    জৌংছাৰ মুছাহাৰীৰ ঘৰত মানুহৰ ভিৰ, বিজেপি নেতাই আগবঢ়াইছে আৰ্থিক সাহায্য

    ডিজিটেল ডেস্ক: জৌংছাৰ মুছাহাৰী সঁচাকৈয়ে ইউ এল বি সদস্য আছিলনে? অসম আৰক্ষীয়ে বাৰম্বাৰ মুছাহাৰীক নৱগঠিত উগ্ৰপন্থী সংগঠন ইউ এল বিৰ সদস্য বুলি দাবী কৰি অহাৰ বিপৰীতে তেওঁৰ পৰিয়ালৰ লোক, স্থানীয় ৰাইজৰ একাংশ আৰু দল সংগঠনে বিপৰীত মত পোষণ কৰি আহিছে।১৮ ছেপ্টেম্বৰৰ পুৱতি নিশা উল্টাপানীত আৰক্ষীৰে সংঘৰ্ষত প্ৰাণ হেৰুওৱা জৌংছাৰ মুছাহাৰীৰ ঘৰত আজিও খবৰ ল’বলৈ যোৱা মানুহৰ ভিৰ পৰিলক্ষিত হয়।









    আজিও তেওঁৰ ১৬ দিনীয়া সন্তানটিৰ মুখলৈ চাই আৱেগিক হৈ পৰিছে ভিন্ন জন।বিভিন্নজনে আগবঢ়াইছে আৰ্থিক সাহায্য। সোমবাৰে এগৰাকী ৯ বছৰীয়া শিশুৱে জৌংছাৰ মুছাহাৰীৰ পৰিয়ালক দিছিল ১০ হেজাৰ টকাৰ আৰ্থিক সাহায্য। আজি বিজেপি ৰ নেতা তথা সমাজসেৱক উইলিয়াম নাৰ্জাৰীয়ে দৰিদ্ৰ পৰিয়ালটোলৈ আগবঢ়ায় ৫০ হেজাৰ টকাৰ আৰ্থিক সাহায্য।






    আজি মুছাহাৰীৰ বাসগৃহত উপস্থিত হয় নিখিল বড়ো ছাত্ৰ সন্থাৰ এটি সজাতী দল। কেন্দ্ৰীয় এবছুৰ সাধাৰণ সম্পাদক আৰু উপ সভাপতি নেতৃত্বাধীন সজাতী দলটোৱে আৰক্ষীৰ কাণ্ডক গৰিহণা দিয়ে আৰু ন্যায়িক তদন্ত দাবী কৰে। পৰিয়ালটোক চৰকাৰে ক্ষতি পূৰণ আগবঢ়াব লাগে বুলিও দাবী জনায় দলটোৱে।যি নহওঁক, এইভাৱেই ইউ এল বি ৰ দুই সদস্যৰ হত্যাই আজি ক্ৰমাগত তৃতীয় দিনটোৰ বাবে উত্তপ্ত কৰি ৰাখিছে বড়োভূমি।