নটিংহামঃ আজি ইংলেণ্ড-ভাৰতৰ মাজত অনুষ্ঠিত টেষ্ট শৃংখলাৰ পঞ্চম দিন। প্ৰথম ইনিংছত ইংলেণ্ডে বেট কৰি ১০টা উইকেট হেৰুৱাই ১৮৩ৰান সংগ্ৰহ কৰিছিল। প্ৰত্যুত্তৰত ভাৰতে ১০টা উইকেটৰ বিনিময়ত ২৭৮ৰান সংগ্ৰহেৰে ৯৫ৰানৰ অগ্ৰগতি লৈছিল। অপেনাৰ ৰোহিত শৰ্মা আৰু কে এল ৰাহুলৰ বেটিং পৰাক্ৰমে ভাৰতীয় দলক গতি দিছিল।
কিন্তু ৰবিনছনে ৰোহিত শৰ্মাৰ আৰু জেমছ এণ্ডাৰছনে ৰাহুলৰ উইকেট লাভ কৰাৰ পাছত ৰানৰ গতি হ্ৰাস পাবলৈ ধৰে ভাৰতীয় দলৰ। চেটেশ্বৰ পুজাৰা আৰু অধিনায়ক বিৰাট কোহলীয়ে প্ৰথম ইনিংছত উন্নত প্ৰদৰ্শনত ব্যৰ্থ হয়। ইংলেণ্ডে দ্বিতীয় ইনিংছৰ অন্তত ভাৰতক ২০৯ৰানৰ লক্ষ্য বান্ধি দিয়ে। ভাৰতে দ্বিতীয় ইনিংছৰ আৰম্ভণিত ১টা উইকেট হেৰুৱাই ৫২ ৰান সংগ্ৰহ কৰিছে। প্ৰথম ইনিংছত ৮৪ৰানৰ উজ্জ্বল প্ৰদৰ্শন দাঙি ধৰা স্বত্বেও ভাৰতীয় অপেনাৰ কে এল ৰাহুলে দ্বিতীয় ইনিংছত উন্নত প্ৰদৰ্শন দেখুৱাত ব্যৰ্থ হয়। ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন টেষ্ট শৃংখলাত জয়লাভৰ বাবে ভাৰতে ১৫৭ ৰান কৰিব লাগিব।
Leave A Comment