Automobiles
The Jimny has a 1.5-litre petrol engine and may be purchased through a subscription plan for an all-inclusive monthly charge starting at 33,550.
টিংখং: বিগত ২২জুলাইত টিংখং বিধাসভাত সমষ্টিৰ পিঠাগুটি গাঁও পঞ্চায়তৰ ৭০ নং কেঞা পথাৰ গাঁৱৰ কণ কণ ল’ৰা-ছোৱালীসকলে ক’ভিডৰ নিয়মাৱলীসমূহ বৰ্তাই ৰাখি এক মিনি-মাৰাথনৰ আয়োজন কৰি পথৰ জৰাজীৰ্ণ অৱস্থাৰ বিষয়ে স্থানীয় ৰাইজ তথা চৰকাৰৰ দৃষ্টিগোচৰ কৰিবলৈ এক অভিনৱ প্ৰচেষ্টা হাতত লৈছে।
বিগত ১০-১৫বছৰৰ পৰা গাঁওখনৰ মূল পথটোৰ অৱস্থা একেবাৰে শোচনীয় হোৱাৰ বাবে গাঁওবাসীয়ে অত্যন্ত সমস্যাত ভুগিবলগীয়া হৈছে। উল্লেখযোগ্য যে স্থানীয় ৰাইজে গাঁওখনৰ মূল পথটি পকীকৰণৰ বাবে কেইবাবাৰো বিধায়কৰ দ্বাৰস্থ হৈছে যদিও বৰ্তমানলৈকে সুফল পোৱা নাই। সৰ্বমুঠ ২৫জন স্থানীয় ল’ৰা-ছোৱালী মিলিত হৈ উক্ত কাৰ্যসূচী হাতত লৈছে।
এই কাৰ্যসূচীৰ জৰিয়তে তেওঁলোকে নিজৰ পথৰ সমস্যাৰ বিষয়ে কৰ্তৃপক্ষৰ আগত আলোকপাত কৰিবলৈ চেষ্টা কৰিছে। এই সন্দৰ্ভত কণ কণ ল’ৰা-ছোৱালীসকলে সাংবাদিকৰ সন্মুখত কয় যে, ‘‘বৰ্তমানৰ মুখ্যমন্ত্ৰী তথা নৱগঠিত মন্ত্ৰীসভাৰ প্ৰতি আস্থা আছে। আৰু পথটি হ’ব বুলি আশাবাদী।”
Leave A Comment