• জৰুৰী সেৱাৰ নামত ক'লা ব্যৱসায়ঃ ৰাজ্যত আৰম্ভ ভুৱা কাৰপাছৰ ব্যৱসায়

    আঞ্চলিক
    জৰুৰী সেৱাৰ নামত ক'লা ব্যৱসায়ঃ ৰাজ্যত আৰম্ভ ভুৱা কাৰপাছৰ ব্যৱসায়

    গুৱাহাটীঃ ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে ৰাজ্যজুৰি বলবৎ আছে সান্ধ্যআইন। প্ৰশাসনৰ চোকা নজৰ অব্যাহত থকাৰ মাজতে ৰাজ্যত আৰম্ভ হৈছে ভুৱা কাৰপাছৰ ব্যৱসায়। ‘জৰুৰী সেৱা’ৰ পাছৰ নামতো চলিছে ক'লা ব্যৱসায়। স্বাস্থ্য বিভাগৰ নামত জৰুৰী সেৱাৰ পাছ ব্যৱহাৰ কৰিছে দুস্কৃতিকাৰীয়ে।





    ESI কাৰ্যালয়ৰ ছীল-মোহৰ লগাই ব্যৱহাৰ কৰিছে ভুৱা পাছ। প্ৰশাসনিক স্বাস্থ্য বিষয়াৰ চহীও জালিয়াতি কৰিছে কোনো এটা দুষ্ট চক্ৰই। ৰঙীন প্ৰিণ্টিঙৰ জৰিয়তে উলিওৱা হৈছে এই ভুৱা পাছ। সান্ধ্যআইনৰ সময়ত একাংশই ব্যৱহাৰ কৰিছে এই ভুৱা পাছ।





    ভুৱা পাছেৰে ইখনৰ পৰা সিখন জিলালৈয়ো আহ-যাহ কৰিছে একাংশই। ক’ভিড নিৰ্দেশনাৰে খেলা কৰি এতিয়া চলাইছে ক’লা ব্যৱসায়!