• জ’ ৰুটৰ আকৰ্ষণীয় শতক, ৩৪৫ৰানৰ অগ্ৰগতি ইংলেণ্ডৰ

    আঞ্চলিক
    জ’ ৰুটৰ আকৰ্ষণীয় শতক, ৩৪৫ৰানৰ অগ্ৰগতি ইংলেণ্ডৰ

    হেডিংলিঃ হেডংলিত বিপৰ্যস্ত ভাৰতীয় শিবিৰ। ভাৰতৰ দুৰ্বল প্ৰদৰ্শনৰ বিপৰীতে আয়োজক দলটোৱে অৰ্জন কৰিছে ন-ন কৃতিত্ব। জেমছ এণ্ডাৰছনৰ পাছত এইবাৰ যোগ্যতা অৰ্জন ইংলেণ্ড অধিনায়কৰ। শতক অৰ্জন কৰাটো যেন নিত্য নিয়মত পৰিণত হৈছে জ’ ৰুটৰ বাবে। হেডিংলিত অনুষ্ঠিত চলিত টেষ্ট-শৃংখলাত ভাৰতীয় শিবিৰত বেটিং বিপৰ্যয়ৰ বিপৰীতে ইংলেণ্ডৰ বেটছমেনসকলে গঢ়িছে ৰানৰ পাহাৰ।





    ভাৰতীয় পেচাৰ তথা স্পিনাৰেও আকাংশিত সুফল দেখুৱাব পৰা নাই। প্ৰতিগৰাকী ভাৰতীয় বলাৰে ব্যয় কৰিছে অতিৰিক্ত ৰান। ইংলেণ্ডৰ অধিনায়ক জ’ ৰুটে ভাৰতৰ বিৰুদ্ধে তৃতীয়খন খেলত শতক অৰ্জন কৰিছে। উল্লেখ্য যে, বিগত দুবছৰত জ’ ৰুটে ৭টা টেষ্ট শতক অৰ্জন কৰিছে। ইয়াৰে ৩টা দ্বিশতক। ইংলেণ্ডৰ অধিনায়কজনে চলিত বৰ্ষতে ৬টা টেষ্ট শতক অৰ্জন কৰিছে। কেৱল সেয়াই নহয়, ৰুটে এতিয়ালৈকে ভাৰতৰ বিৰুদ্ধে চলি থকা শৃংখলাত প্ৰশংসনীয় ইনিংছেৰে একেৰাহে ৩টা শতক অৰ্জন কৰিছে।






    তৃতীয় টেষ্টত ভাৰতে প্ৰথম ইনিংছত আটাইকেইটা উইকেট হেৰুৱাই ৭৮ৰান সংগ্ৰহ কৰিছে। ইয়াৰ বিপৰীতে দ্বিতীয় দিনৰ খেলৰ শেষত ৮টা উইকেট হেৰুৱাই ৪২২ ৰান সংগ্ৰহ কৰিছে। প্ৰথম ইনিংছত আয়োজক দলটোৱে ৩৪৫ ৰানৰ অগ্ৰগতি লৈছে। নিৰ্ধাৰিত ৰানৰ চোঁচা লোৱাৰ উদ্দেশ্যে আজি ভাৰতে দ্বিতীয় ইনিংছৰ মুকলি কৰিব।