• টংলাত প্ৰায় ৩০০ বগলীৰ পোৱালি মৃত্যু ! ঘটনা পৰ্যবেক্ষণ জিলা উপায়ুক্তৰ

    আঞ্চলিক
    টংলাত প্ৰায় ৩০০ বগলীৰ পোৱালি মৃত্যু ! ঘটনা পৰ্যবেক্ষণ জিলা উপায়ুক্তৰ

    ওদালগুৰিঃ যিটো সময়ত বন্যপ্ৰাণী সুৰক্ষাৰ বাবে চৰকাৰে ন ন আইন গ্ৰহণ কৰিছে। তেনে সময়তে কালি টংলা পৌৰসভাৰ বিষয়া-কৰ্মচাৰীয়ে টংলাৰ ১নং ওৱাৰ্ডৰ বাসিন্দা লোকজিৎ সূতাৰৰ ঘৰৰ এজোপা বাঁহত পৰিভ্ৰমী বগলীয়ে বাস কৰি থকা বাঁহসমূহ কাটি পেলোৱাৰ ফলত প্ৰায় ৩০০ বগলীৰ পোৱালি মৃত্যুমুখত পৰিছে। যাৰ ফলত সমগ্ৰ টংলা অঞ্চলত বিভিন্ন দল-সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা লগতে তীব্ৰ গৰিহণা প্ৰদান কৰিছে।





    সংশ্লিষ্ট ঘটনাটো অৱগত হৈয়ে ব্যথিত অনুভৱ কৰি ওদালগুৰি জিলা উপায়ুক্ত পি উদয় প্ৰবীণ, ননৈ সংৰক্ষিত বনবিষয়া মৃন্ময় হাজৰিকা আৰু হৰিশিঙা ৰাজহচক্ৰৰ চক্ৰবিষয়া মনীষা নাথ ঘটনাস্থলীত উপস্থিত হয়। ওদালগুৰি জিলা উপায়ুক্ত পি উদয় প্ৰবীণে আঘাতপ্ৰাপ্ত বগলী পোৱালিখিনি কাজিৰঙাৰ ৰিহেবিছন কেন্দ্ৰলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিম বুলি ৰাইজক প্ৰতিশ্ৰুতি দিয়ে।ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যক এই ঘটনাৰ তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছে৷





    আনহাতে বন বিষয়াক কোনো খবৰ নিদিয়াকৈ বাঁহ কাটি নিধন কৰা টংলা পৌৰসভাৰ বিষয়া কেইগৰাকীক উচিত তদন্ত কৰি শাস্তি প্ৰদান কৰিবলৈ টংলা আঞ্চলিক ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, টংলা আঞ্চলিক, ওদালগুৰি জিলা আক্ৰাছু পশ্চিম, ৰাভা ছাত্র সন্থা, এবছুকে আদি কৰি প্ৰকৃতিপ্ৰেমী দল-সংগঠনে অসম তথা বিটিআৰ চৰকাৰক দাবী জনাইছে।