• টকাৰ লোভ দেখুৱাই যৌন নিৰ্যাতন গাপ দিবলৈ চেষ্টা লম্পটৰ

    আঞ্চলিক
    টকাৰ লোভ দেখুৱাই যৌন নিৰ্যাতন গাপ দিবলৈ চেষ্টা লম্পটৰ

    নগাঁও : ৰাজ্যত প্ৰতিদিনে সংঘটিত হৈ আহিছে ধৰ্ষণকাণ্ড। মঙলবাৰে পুনৰ এক নাৰী নিৰ্যাতন কাণ্ডই জোকাৰি গৈছে নগাঁৱৰ ৰহা অঞ্চল। অভিযোগ অনুসৰি মঙলবাৰে ৰহাৰ ফুলগুৰিৰ ১৩ বছৰীয়া এগৰাকী কিশোৰীক ঘৰত কোনো নথকাৰ সুযোগ লৈ শান্তনু শইকীয়া ওৰফে বুল নামৰ এটা লম্পটে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে।





    এই ঘটনাৰ পাছতে ভুক্তভোগী কিশোৰীগৰাকীয়ে ঘটনাটো পিতৃ-মাতৃক অৱগত কৰে। উল্লেখ্য যে এই কাণ্ডৰ অভিযুক্ত বুলে ঘটনাটো কাকো নজনাবলৈ কিশোৰীগৰাকীৰ পিতৃ-মাতৃক টকাৰ প্ৰলোভন দিয়ে যদিও পিতৃ-মাতৃয়ে টকা ল’বলৈ অমান্তি হয়৷





    লগতে বুধবাৰে অভিযুক্ত বুলৰ বিৰুদ্ধে ৰহা আৰক্ষী চকীত এজাহাৰ দাখিল কৰে পিতৃ-মাতৃয়ে৷ এই এজাহাৰৰ পাছতে আৰক্ষীয়ে বুলক বিচাৰি আৰম্ভ কৰিছে অভিযান।