Sci & Tech
Netflix is considering raising rates for its ad-free subscriptions globally...
হাজো : হাজোৰ দেহৰকুৰিহাত সংঘটিত হয় নৃশংস হত্যাকাণ্ডৰ। পুত্ৰৰ হাত প্ৰাণ গ'ল পিতৃৰ। পুত্ৰই লাঠিৰে কোবাই নিহত কৰিলে পিতৃ আব্দুল জলিল(৫৫)ক৷ জানিব পৰা মতে, নিচা জাতীয দ্ৰব্য শেৱন কৰাৰ বাবে পুত্ৰই পিতৃৰ পৰা টকা বিচাৰিচিল৷ টকা নিদিয়াৰ বাবে দুই পুত্ৰই নিশা নিজ গৃহৰ পৰা তাৰাবীৰ নামাজত যোৱাৰ পথত লাঠিৰে কোবাই হত্যা কৰে পিতৃক৷ ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে দুই পুত্ৰ আদিতৰ ৰহমান আৰু আব্দুল কাদিৰৰ।
আৰু পঢ়িব পাৰিব: সুদীৰ্ঘ ৩৭ বছৰীয়া বিদ্ৰোহ পন্থা ত্যাগ কৰি গৃহমুখী আলফা স্বাধীনৰ মেজৰ জেনেৰেল জীৱন মৰাণ
ঘটনাস্থলীত হাজো আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। হত্যাকাণ্ড সন্দৰ্ভত আব্দুল জলিলৰ জ্যেষ্ঠ পুত্ৰৰ মতিউৰ ৰহমানক সোধপোছৰ বাবে থানালৈ আনে৷ নিচা জাতীয দ্ৰব্য শেৱন কৰাৰ বাবে দুই পুত্ৰই পিতৃক প্ৰায়ে টকা বিচাৰি অশান্তিৰ পৰিবেশ সৃষ্টি কৰি আহিছিল পৰিয়ালত৷
আৰু পঢ়িব পাৰিব: বোৱাৰীক হত্যা কৰি ঘৰৰ সকলো সামগ্ৰী লৈ পলায়ন স্বামীৰ
উল্লেখ্য যে নিচা জাতীয দ্ৰব্যৰ ব্যৱসায় স্থানীয়ভাবে গাঁওবোৰত গঢ় লৈ উঠাত এনে ঘটনা সংঘটিত হোবা বুলি ৰাইজে দাবী কৰিছে । স্থানীয় ৰাইজে প্ৰশাসনৰ ওচৰত নিচাজাতীয দ্ৰব্যৰ ব্যৱসায় বন্ধ কৰাৰ বাবেও দাবী জনাই।
Leave A Comment