Regional
টকিঅ' : আজি টকিঅ’ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠান৷ আৰম্ভ হ’ব ‘দ্য গ্ৰেটেষ্ট শ্ব’ অন আৰ্থ’৷ পুনৰ নিৰ্ধাৰিত ২০২০ গ্ৰীষ্মকালীন ক্ৰীড়া আজিৰ পৰা টকিঅ'ৰ নেচনেল ষ্টেডিয়ামত অনুষ্ঠিত হ'ব৷ কৰ’না ভীতিৰ মাজতে আৰম্ভ হ’ব অলিম্পিক৷ টকিঅ' অলিম্পিক ২০২১ ৰ উদ্বোধনী অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ ভাৰতীয় সময় মতে আবেলি ৪:৩০ বজাত আৰম্ভ হ'ব।
উদ্বোধনী অনুষ্ঠানত উজলিব জাপানৰ বৰ্ণিল সংস্কৃতি৷ অৱশ্যে, উদ্বোধনী অনুষ্ঠানৰ পূৰ্বে টকিঅ'ত পুৰুষ আৰু মহিলাৰ বাবে ব্যক্তিগত ৰেংকিং ৰাউণ্ড আৰম্ভ হ'ব৷ ৩২ সংখ্যক গ্ৰীষ্মকালীন অলিম্পিক গেমছৰ উদ্বোধনী দিনা আৰ্চাৰ দীপিকা কুমাৰী, অতনু দাস, তৰুণদীপ ৰায় আৰু প্ৰবীণ যাদৱে প্ৰতিদন্দ্বিতা কৰিব।
উদ্বোধনী অনুষ্ঠানত থাকিব সীমিত সংখ্যক লোক৷ ভাৰতীয় দলৰ পতাকা কঢ়িয়াব মেৰীকম, মনপ্ৰীত সিঙে৷ মাৰ্চপাষ্টত অংশ ল’ব অসম কন্যা লাভলীনায়ো৷ উদ্বোধনী অনুষ্ঠানত নাথাকিব কোনো দৰ্শক৷ পূৰ্বে ৰেকৰ্ড কৰা হৈছে অধিকাংশ অনুষ্ঠান৷
Leave A Comment