• টকিঅ' অলিম্পিকত পদক বিজয়ীসকলৰ বাবে নগদ পুৰস্কাৰ ঘোষণা বিচিচিআইৰ

    আঞ্চলিক
    টকিঅ' অলিম্পিকত পদক বিজয়ীসকলৰ বাবে নগদ পুৰস্কাৰ ঘোষণা বিচিচিআইৰ

    নতুন দিল্লী : বিচিচিআইয়ে ভাৰতৰ টকিঅ' অলিম্পিক পদক বিজয়ীসকলক নগদ পুৰস্কাৰ ঘোষণা কৰিছে। শনিবাৰে তাৰকা জেভলিন থ্ৰ'য়াৰ নীৰজ চোপ্ৰাৰ সুন্দৰ প্ৰদৰ্শনৰ পাছত ঘোষণা কৰা হয় এই পুৰস্কাৰ, টকিঅ' অলিম্পিকত স্বৰ্ণিল ইতিহাস ৰচনা কৰি ভাৰতলৈ গৌৰব কঢ়িয়াই আনিছিল৷ এইবাৰ অলিম্পিকৰ ভাৰতৰ প্ৰথমটো সোণৰ পদক অৰ্জন কৰিছিল নীৰজে। বিচিচিআইৰ সচিব জয় শ্বাহে ঘোষণা কৰে যে স্বৰ্ণপদক বিজয়ী নীৰজ চোপ্ৰাক ১ কোটি টকাৰে পুৰস্কৃত কৰা হ'ব।





    চোপ্ৰাৰ উপৰিও ৰূপৰ পদক বিজয়ী - ভাৰোত্তোলক মীৰাবাই চান্নু আৰু মল্লযোদ্ধা ৰবি কুমাৰ দাহিয়াক ৫০ লাখ টকাকৈ টকা কৈছে। আৰু ব্ৰঞ্জ পদক বিজয়ী- শ্বাটলাৰ পি ভি সিন্ধু, বক্সাৰ লভলিনা বৰগোহাঁই আৰু মল্লযোদ্ধা বজৰং পুনিয়াক প্ৰত্যেককে ২৫ লাখ টকাকৈ পুৰস্কৃত কৰা হ'ব। তাৰউপৰীও অলিম্পিকত দুৰ্দান্ত প্ৰদৰ্শন দেখুৱাই দেশলৈ গৌৰব কঢ়িয়াই অনা ভাৰত পুৰুষ হকী দলক ১.২৫ কোটি টকাৰ পুৰস্কাৰ দিয়া হ'ব বুলি ঘোষণা কৰে।





    'আমাৰ খেলুৱৈসকলে @Tokyo2020 মঞ্চত শেষ কৰি দেশক গৌৰৱান্বিত কৰিছে। @BCCI তেওঁলোকৰ সুন্দৰ প্ৰচেষ্টাক স্বীকাৰ কৰে আৰু পদক বিজয়ীসকলৰ বাবে নগদ পুৰস্কাৰ ঘোষণা কৰি আমি আনন্দিত,' জয় শ্বাহে টুইট কৰে।