National
Rahul Gandhi remarked on Prime Minister Narendra Modi's surname in Kolar, Karnataka, in 2019...
নতুন দিল্লীঃ কৰ’নাসৃষ্ট পৰিৱেশৰ বাবে ইংলেণ্ড দলৰ প্ৰথমশাৰীৰ ভালে কেইজন খেলুৱৈক হোম আইছ’লেচনত ৰখা হৈছিল। ৫গৰাকী খেলুৱৈৰ অভিষেক তথা ‘গ’-দলেৰে এদিনীয়া শৃংখলাত পাকিস্তানৰ মুখামুখি হয় ইংলেণ্ড। টি-২০ৰ প্ৰথম খেলত পাকিস্তানে পূৰ্ণোদ্যমেৰে ইংলেণ্ডৰ বিৰুদ্ধে থিয় দিছে। ইতিমধ্যে, প্ৰথম টি-২০ত ৩১ৰানৰ ব্যৱধানত পৰাভূত হৈছে ইংলেণ্ড। কিন্তু এদিনীয়া শৃংখলাত ইংলেণ্ডৰ পৰাক্ৰমত নতজানু হৈ পৰে পাকিস্তান। বাবৰ আজম নেতৃত্বাধীন পাকিস্তানে এদিনীয়াত হোৱাইটৱাছৰ পাছত টি-২০ত জয়ৰ স্বাদ লবলৈ সক্ষম হ’লেও মন ভৰা নাই প্ৰাক্তন তাৰকা ছোৱেইব আখতাৰৰ। সামাজিক মাধ্যমযোগে প্ৰতিক্ৰি্য়া ব্যক্ত কৰি তেওঁ কয়, ‘পাকিস্তানে টি-২০ বিশ্বকাপ জয়ী হ’লেও উছাহৰ কোনো কাৰণ নাই।কাৰণ,বাবৰ আজমৰ দল সঠিক পথত নাই।’
ইউটিউব চেনেলৰ জৰিয়তে ছোৱেইব আখতাৰৰ বিস্ফোৰক মন্তব্য, ‘পাকিস্তানে যদি এইবছৰ টি-২০ বিশ্বকাপ জয়ী হয়, তেতিয়াও মই হতবাক নহওঁ। পাকিস্তান দল সঠিক পথে আগবাঢ়ি্ছে বুলি মোৰ মনে ধৰা নাই। বাবৰ আজমে বিশ্বকাপ জয় হ’লেও মই কম, সিহঁত সঠিক পথত নাই। কাৰণ, টি-২০ আমাৰ লক্ষ্য নহয় বা হোৱা উচিত নহয়। এদিনীয়াত পাকিস্তানৰ দুৰ্বলতা দুৰ্ভাগ্যজনক।’
লগতে তেওঁ সদৰী কৰে যে, ‘টি-২০ত পাকিস্তান দুৰ্দান্ত। পাকিস্তানৰ তুলনাত কোনো ভাল নহয় টি-২০ত, ভাৰত বা আফগানিস্তান কোনেও নহয়। কিন্তু এদিনীয়াত একাধিক সমস্যাই দেখা দিছে। পাকিস্তানে ৫০ অ’ভাৰ খেলিব নোৱাৰে।’
উল্লেখ্য যে, চলিত বৰ্ষৰ শেষৰফালে আৰম্ভ হ’বলৈ গৈ আছে টি-২০ বিশ্বকাপ। ভাৰত-পাকিস্তানৰ মহাসমৰৰ বাবে আঙুলিৰ মূৰত দিন গণিছে ক্ৰীড়া অনুৰাগীয়ে। বিশ্বকাপৰ প্ৰাকক্ষণত প্ৰাক্তন তাৰকাগৰাকীৰ এই বিস্ফোৰক মন্তব্যত পাকিস্তান ক্ৰিকেট দলৰ মনোবল বাঢিব নে টুটিব সেয়া লক্ষ্যণীয় হ’ব।
Leave A Comment