International
Nepal's newly elected President Ramchandra Paudel was admitted to Tribhuwan University Teaching Hospital in Kathmandu's Maharajgunj after...
নতুন দিল্লীঃ ক্লান্ত কোহলীৰ সমান্তৰালকৈ ভাৰতীয় ক্ৰিকেটৰ অন্যতম আলোচিত ব্যক্তি হৈ পৰিছে শিখৰ ধাৱান। খেলপথাৰৰ ভিতৰতে হওক বা বাহিৰতে সম্প্ৰতি শিখৰ ধাৱান হৈ পৰিছে চৰ্চাৰ কেন্দ্ৰবিন্দু। অৱশ্যে ইয়াৰ মূখ্য কাৰণ হিচাপে দেখা দিছে ১৫জনীয়া দলত ধাৱানক অন্তৰ্ভুক্ত নকৰাটো। আইপিএলৰ উন্মাদনাৰ মাজতে সৰ্ব্বোচ্চ ৰান সংগ্ৰাহক শিখৰ ধাৱানক বিশ্বকাপৰ পৰা বিশ্ৰাম দিছে নিৰ্বাচক মণ্ডলীয়ে। ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ হৈ চেতন শৰ্মাই শেহতীয়াকৈ এই বিষয়ে সদৰী কৰিছে। টি-২০ ক্ৰিকেটৰ অন্যতম বিস্ফোৰক বেটছমেন হিচাপে খ্যাতিৰ শিখৰ চুইছেহি ধাৱানে। ধাৱানৰ ‘দাৱাং’ বেটিঙৰ বাবে ভাৰতে একাধিক খেলত জয়লাভ কৰিছে। ৰেহিত শৰ্মা-শিখৰ ধাৱানৰ অপেনিং যুটিয়ে বছৰৰ পাছত বছৰ ধৰি দেশক সাফল্য দিছে।
উল্লেখ্য যে, টি-২০ বিশ্বকাপৰ বাবে ১৫জনীয়া দলটোৰ ঘোষণা কৰিছে বিচিচিআই-এ। তালিকাত সুযোগ নাপালে ধাৱানে। অথচ কিছুদিন পূৰ্বে শ্ৰীলংকা ভ্ৰমণত যোৱা ভাৰতীয় দলটোৰ অধিনায়কত্ব কৰিছিল শিখৰে। তথাপি স্থান নাপালে শিখৰে। শিখৰ ধাৱানৰ বিকল্প হিচাপে ঈশান কিষণক বাচনি কৰিছে নিৰ্বাচক সমিতিয়ে। যিহেতু ৰোহিত শৰ্মা-ধাৱানৰ পাৰ্টনাৰশ্বিপ টি-২০ আৰু এদিনীয়াত অতি উন্নত গতিকে,সুযোগ দিয়াহেতেঁন বিশ্বকাপতো এই যুটিয়ে ভাল প্ৰদৰ্শন তুলি ধৰিব পাৰিলে হয় বুলি মত ক্ৰীড়া বিষেশজ্ঞসকলৰ। আকৰ্ষণীয় ৰান ৰেট থকাৰ পাছতো বিশ্বকাপ দলৰ পৰা শিখৰ ধাৱানৰ অপসাৰণ তথা নিৰ্বাচকৰ সিদ্ধান্তৰ ফলত টি-২০ ক্ৰিকেটৰ পৰা লাহে লাহে ভাৰতীয় ক্ৰিকেটৰ গব্বৰ হেৰাই যাব বুলিও একাংশ সমৰ্থকে আশংকা কৰিছে।
Leave A Comment