National
Even after 35 years, he is still living in the hearts of millions of Indians through his songs, making him an evergreen talented superstar of Bollywood...
গুৱাহাটী : এইবাৰ টুইটাৰত ‘ছেক্স ৰেকেট’ৰ ভয়ংকৰ জাল। অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙৰ নিৰ্দেশৰ পাছত আৰক্ষীৰ তদন্তত ওলাইছে ভয়ংকৰ তথ্য। গুজৰাটৰ পৰা গুৱাহাটীলৈ চলিছে অনলাইন ছেক্স ৰেকেট৷ মহানগৰীত অনলাইন মাধ্যমত চলিছে দেহ ব্যৱসায়ৰ নেটৱৰ্ক৷
প্ৰৱঞ্চনাতো লিপ্ত দেহ ব্যৱসায়ী চক্ৰ৷ প্ৰথমে মায়ানগৰী মুম্বাই, বাংগালুৰুৰ পাছত এইবাৰ অসমত ছেক্স ৰেকেটৰ ভয়ংকৰ তথ্য প্ৰকাশ পাইছে৷ ইপিনে, অনলাইনত ছেক্স ৰেকেট চলোৱা এজনক আটক কৰে আৰক্ষীয়ে৷
পাণবজাৰৰ মিনাৰ্ভা হোটেলৰ পৰা আটক কৰা হয় লোকজনক৷ আটক কৰা লোকজনৰ নাম নয়নমণি পাটোৱাৰী৷ শুকুৰবাৰে ক্ৰাইম ব্ৰাঞ্চৰ জালত পৰে নয়নমণি৷ টুইটাৰত বিজ্ঞাপন প্ৰকাশেৰে দেহৰ বেহা চলাই আছিল লোকজনে৷ অৱশেষত অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ নিৰ্দেশত তৎপৰ হয় আৰক্ষী৷
Leave A Comment