Lifestyle
Discover the astrological predictions for Aries, Leo, Virgo, and other zodiac signs on December 7, 2023...
ডিজিটেল ডেস্ক : জামুগুৰিহাটৰ কুসুমটোলাৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱতি নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা৷ পথ দুৰ্ঘটনাটোত এজন লোকৰ থিতাতে মৃত্যু হোৱাৰ লগতে আন দুজন গুৰুত্বৰ ভাৱে আহত হয়। কুসুমটোলাৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ দ্বাদশ অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত তেজপুৰৰ দিশৰ পৰা বিশ্বনাথ চাৰিআলি অভিমুখে আহি থকা এখন ট্ৰাকৰ লগত বিপৰীত দিশৰ পৰা গৈ থকা এখন বালি কঢ়িওৱা ডাম্পাৰে মুখামুখিকৈ খুণ্ডা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়।
দুৰ্ঘটনাটোত ডাম্পাৰখনৰ চালক চনেন বড়ো(২৯) থিতাতে মৃত্যু হোৱাৰ বিপৰীতে পহ্লাদ চুনি আৰু আকৰ তেলী নামৰ আন দুজন যুৱক গুৰুত্বভাৱে আহতপ্ৰাপ্ত হয়। আহত দুজনক উত্তৰ জামুগুৰি চিকিংসালয়ত প্ৰাথমিক চিকিংসা প্ৰদান কৰাৰ পাছত উন্নত চিকিংসাৰ বাবে বৰ্তমান তেজপুৰলৈ প্ৰেৰণ কৰা হৈছে।
Leave A Comment