Regional
ট’কিঅ’ : প্ৰথম ছেটত বিপক্ষৰ খেলুৱৈক পৰাভূত কৰাৰ পাছতো স্বপ্নভংগ ছানিয়াৰ। ট’কিঅ’ অলিম্পিকত মহিলা ডাৱলছৰ প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় মাগিলে ছানিয়া মিৰ্জা-অঙ্কিতা ৰায়নাৰ যুটিয়ে। ইউক্ৰেইনৰ নাদিয়া কিছনেক-লিউদমিলা কিছনেকৰ হাতত পৰাভূত ছানিয়া-অঙ্কিতা যুটি। ০-৬,৭-৬(০-৭),৮-১০ ৰ ব্যৱধানত কিছনেকৰ বিৰুদ্ধে পৰাস্ত ছানিয়া-অঙ্কিতা । খেল আৰম্ভণিতে ছানিয়া-অঙ্কিতাই চমকপ্ৰদ প্ৰদৰ্শন দেখুৱালৈ সক্ষম হয়।
দ্বিতীয় ৰাউণ্ডতো আশানুৰূপ প্ৰদৰ্শন দাঙি ধৰিছিল দুয়ো। কিন্তু, প্ৰায় নিশ্চিত জয়ৰ ধাৰণাত সাময়িক মনসংযোগ হেৰুৱায় পেলায় ভাৰতীয় যুটিয়ে।এই সুযোগৰ সত্ ব্যৱহাৰ কৰে ইউক্ৰেইন যুটীয়ে। খেলৰ নিষ্পত্তি হয় ট্ৰাইবেকাৰত। ট্ৰাইবেকাৰত ৭-৬(৭-০)ৰ ব্যৱধানত শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰি বিজয়ী হয় ইউক্ৰেইন।
উল্লেখ্য যে, মহিলাৰ ছিংগলছতো প্ৰচণ্ড আঘাট। প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় বিশ্বৰ সৰ্বশ্ৰেষ্ঠ তাৰকা এছলে বাৰ্টিৰ। বিশ্ব ৰেংকিঙৰ ৪৮ নম্বৰত থকা স্পেইনৰ তাৰকা ছাৰা ছৰিবেছৰ চমকপ্ৰদ জয়।
Leave A Comment