Regional
Digital Desk: A historic and culturally significant festival gears up to take place from the 16th-18th of January 2025 in Assam’s Morigaon district portraying visitors and participants from across the region. Known fo
ট’কিঅ’: অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১-৭ৰ শোচনীয় পৰাজয়ৰ পাছত নাটকীয় প্ৰত্যাৱৰ্তন ভাৰতীয় হকী দলৰ। স্পেইনক পৰাভূত কৰি ট’কিঅ’ত ভাৰতৰ বিজয়ল্লাস। ভাৰতে স্পেইনৰ বিৰুদ্ধে ৩-০ৰ নিৰ্ণায়ক জয়লাভেৰে কোৱাৰ্টাৰত প্ৰৱেশৰ পথ সুগম কৰি তুলিছে। ছিমৰণজিৎ সিং আৰু ৰূপীন্দৰ পাল সিঙৰ গ’লেৰে ভাৰতে জয়লাভ কৰিছে। ৰূপীন্দৰ পাল সিঙে সৰ্বাধিক ২টা গ’ল আৰু ছিমৰণজিৎ সিঙে ১টা গ’ল দিবলৈ সক্ষম হয়। স্পেইনৰ আক্ৰমণ প্ৰতিহত কৰি গ্ৰুপ-‘এ’ত এয়া দ্বিতীয় জয় ভাৰতৰ।
ভাৰতৰ ছিমৰণজিতে খেলৰ ৮ মিনিটতে এটা সুৱৰ্ণ সুযোগ হেৰুৱাইছিল। ইয়াৰ পাছত স্পেইনৰ আক্ৰমণ তীব্ৰতৰ হৈ পৰে। খেলৰ ১২ মিনিটৰ ভিতৰতে স্পেইনে কেইবাটাও শ্ব’ট লয় কিন্তু ভাৰতৰ তীক্ষ্ণ ডিফেণ্ডিঙৰ বাবে স্পেইন ব্যৰ্থ হয়। গ’ল সন্ধানৰত দুয়োটা দলৰ মাজত খেলৰ ৰোমাঞ্চ ক্ৰমাৎ বাঢ়ি অহা সময়তে ছিমৰণজিতে ১৪ মিনিটত ভাৰতক ১-০ৰ অগ্ৰগতি দিবলৈ সক্ষম হয়।
পৰৱৰ্তী সময়ত ভাৰতে কেইবাটাও পেনাল্টি-কৰ্ণাৰ লাভ কৰে। সুযোগৰ সৎ-ব্যৱহাৰেৰে ৰূপীন্দৰে ২-০ৰ অগ্ৰগতি দিয়ে ভাৰতক। স্পেইনে নিৰন্তৰ গ’লৰ সন্ধান অব্যাহত ৰাখে যদিও ভাৰতে সকলো দিশৰ পৰা স্পেইনক প্ৰতিহত কৰিবলৈ সক্ষম হয়। খেলৰ দ্বিতীয়াৰ্দ্ধত ৰূপীন্দৰ পাল সিঙে দ্বিতীয়টো গ’লৰে ভাৰতক ৩-০ৰ অগ্ৰগতি দিয়াবলৈ সক্ষম হয়। উল্লেখ্য যে, অষ্ট্ৰেলিয়াৰ হাতত শোচনীয় পৰাজয়ৰ পাছত ভাৰতৰ এই প্ৰত্যাৱৰ্তনত উল্লাসিত দেশবাসী। পৰৱৰ্তী সময়ত দলটোৱে এই প্ৰত্যয় ধৰি ৰাখিব পাৰিলে অলিম্পিকৰ মঞ্চৰ পৰা অতিশীঘ্ৰে আহিব পাৰে আশাব্যঞ্জক বতৰা!
Leave A Comment