Regional
নতুন দিল্লীঃ মহাআড়ম্বৰপূৰ্ণ সমাৰোহেৰে আৰম্ভ হোৱা বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ক্ৰীড়াসমাৰোহৰ যৱনিকা পৰিল। উন্নত প্ৰদৰ্শনেৰে বিভিন্ন খেলত ভাৰতে লাভ কৰিলে ৭টাকৈ পদক। ইয়াৰ মাজতে নতুন দিগন্তৰ সূচনা কৰিলে ভাৰতীয় হকী দলে। দীৰ্ঘপ্ৰতীক্ষাৰ অন্তত ট’কিঅ’ৰ মঞ্চত ভাৰতীয় হকীৰ পুনঃজাগৰণে স্বাভাৱিকতে আহ্লাদিত কৰি তুলিছে দেশৰ নাগৰিকক। সদ্যসমাপ্ত ট’কিঅ’-২০২০ অলিম্পিকৰ স্বৰ্ণিল অভিযানৰ পাছত ভাৰতীয় পুৰুষ আৰু মহিলা হকী দলে অন্য এক কৃতিত্ব অৰ্জন কৰিছে। ভাৰতীয় পুৰুষ হকী দলে ৪১ বছৰৰ ৰিক্ত স্থান পূৰ্ণ কৰিলে ব্ৰঞ্জৰ পদকেৰে। ইয়াৰ লগে লগে বেলজিয়াম আৰু অষ্ট্ৰেলিয়াৰ পাছত আন্তঃৰাষ্ট্ৰীয় হকী মহাসংঘৰ বিশ্ব ৰেঙকিঙৰ তৃতীয় স্থানলৈ উন্নীত হৈছে ভাৰতীয় পুৰুষ হকী দল। আনহাতে, ভাৰতীয় মহিলা হকী দলে নবীনতম এফআইচ বিশ্ব ৰেঙকিঙৰ অষ্টম স্থানলৈ উন্নীত হৈছে।
ভাৰতৰ দুয়োটা হকী দলে ট’কিঅ’-২০২০ অলিম্পিকত চমকপ্ৰদ প্ৰদৰ্শন দাঙি ধৰিছিল। মনপ্ৰীতৰ অধিনায়কত্বত গ্ৰুপ লীগৰ ৫খন খেলৰ ৪খনতে বিজয়ী হৈছিল পুৰুষ হকী দলটো। কোৱাৰ্টাৰ ফাইনেলতো উন্নত প্ৰদৰ্শনেৰে ৩-১ৰ ব্যৱধানত গ্ৰেট ব্ৰিটেইনক পৰাভূত কৰি ছেমিৰ ফাইনেললৈ উন্নীত হৈছিল ভাৰত। স্বৰ্ণজয়ৰ দৌৰলৈ অগ্ৰসৰ হোৱা ভাৰতে ছেমি ফাইনেলত বেলজিয়ামৰ বিৰুদ্ধে ২-৫ৰ ব্যৱধানত পৰাজিত হয়। দেশৰ ৰাষ্ট্ৰীয় খেল হকীৰ পৰা স্বৰ্ণপদকৰ আশা নিৰ্বাপিত হ’লেও বিশ্বৰ অন্যতম শ্ৰেষ্ঠ দল জাৰ্মানীক ৫-৪ত পৰাস্ত কৰি ব্ৰঞ্জৰ পদকলাভ কৰিছে পুৰুষ হকী দলে। ইফালে মহিলা দলটোৱে আৰম্ভণিৰ প্ৰথম ৩খন খেলত পৰাজিত হোৱাৰ পাছত হেৰুবা ছন্দ উভতাই পায়। মহিলা হকী দলে ট’কিঅ’ অলিম্পিকত পদক লাভ নকৰিলেও বিশ্ব ৰেঙকিঙৰ তৃতীয় শক্তিশালী প্ৰতিদ্বন্দ্বী অষ্ট্ৰেলিয়াক হৰুৱাই এক নতুন প্ৰভাতৰ আগজাননী দিছে মহিলা হকী দলে। শেহতীয়া পৰাজয়ৰ বাবে ট’কিঅ’ৰ চতুৰ্থ স্থানত থকা মহিলা দলটোৱে বিশ্ব ৰেঙকিঙৰ অষ্টম স্থানলৈ উন্নীত হৈছে।
Leave A Comment