• ট’কিঅ’ অলিম্পিকত কৰ’নাৰ কোপদৃষ্টি, দুই এথলীট পজিটিভ

    আঞ্চলিক
    ট’কিঅ’ অলিম্পিকত কৰ’নাৰ কোপদৃষ্টি, দুই এথলীট পজিটিভ

    ট’কিঅ’: বহু প্ৰতীক্ষাৰ পাছত সমগ্ৰ বিশ্বই ক্ৰীড়াৰ অপাৰ সমুদ্ৰত ডুব মাৰিবলৈ সাজু হৈছে ট’কিঅ’ অলিম্পিকৰ জৰিয়তে। কিন্তু ক্ৰীড়াপ্ৰেমীৰ অন্তৰত আন এক সংশয়ৰ সৃষ্টি হৈছে ট’কিঅ’ অলিম্পিকত সৃষ্টি হোৱা অবাঞ্চিত বাধাক লৈ। এইবাৰ অলিম্পিকতো পৰিছে কৰ’নাৰ কোপদৃষ্টি।





    ট’কিঅ’ অলিম্পিক ভিলেজৰ দুজন এথলীট কৰ’না পজিটিভ চিনাক্ত হৈছে। দেওবাৰে অলিম্পিকৰ কৰ্তৃপক্ষই এই বিষয়ে প্ৰকাশ কৰে। অলিম্পিক আৰম্ভ হোৱাৰ এদিনৰ পূৰ্বে এথলীট কৰ’না পজিটিভ চিনাক্ত হোৱাটো সংশয়ৰ কাৰণ হৈ পৰিছে। অলিম্পিক ভিলেজত দুজন আৰু আন ঠাইত আন এজন পজিটিভ চিনাক্ত হোৱা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, ইয়াৰ এদিনৰ পূৰ্বে এজন লোক পজিটিভ চিনাক্ত হৈছিল। তেওঁ অৱশ্যে খেলুৱৈ নাছিল। মন কৰিবলগীয়া যে, এই অলিম্পিক ভিলেজত ৬,৭০০গৰাকী এথলীট তথা তেওঁলোকৰ বিষয়াবৰ্গ আছে। এনে এক স্থানত কৰ’নাৰ উপস্থিতি ধৰা পৰাটো উদ্বেগৰ কাৰণ হৈ পৰিছে।