• ট’কিঅ’ কৰনাৰ তাণ্ডৱঃ অলিম্পিক আৰম্ভণিৰ পূৰ্বেই আক্ৰান্ত ৬৭

    আঞ্চলিক
    ট’কিঅ’ কৰনাৰ তাণ্ডৱঃ অলিম্পিক আৰম্ভণিৰ পূৰ্বেই আক্ৰান্ত ৬৭

    ট’কিঅ’ : অলিম্পিকৰ আকাশত আশংকাৰ কলীয়া মেঘ! কৰ’না মহামাৰীৰ মাজতে জাপানৰ ট’কিঅ’ চহৰত অলিম্পিকৰ ব্যাপক আয়োজন কৰা হৈছে। উদ্বোধনী অনুষ্ঠানৰ দিন চমু চাপি অহাৰ লগে লগে কৰনা আক্ৰান্তৰ সংখ্যা তৰিৎ গতিৰে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। বহুপ্ৰত্যাশিত অলিম্পিকলৈ মাজত মাথো ১টা দিন। ইয়াৰ মাজতে মন গধুৰ কৰি তুলিছে এটাৰ পাছত এটা উদ্বেগজনক খবৰে। টুৰ্নামেন্টৰ সৈতে জড়িত ৬৭জন লোক এতিয়ালৈ এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে।





    মঙলবাৰে গেমছ ভিলজৰ এজন বিদেশী এথলীট কৰ’নাৰ আক্ৰান্ত হোৱা বুলি ট’কিঅ’ অলিম্পিকৰ আয়োজক সমিতিয়ে নিশ্চিত কৰে। স্থানীয় সংবাদ মাধ্যম কিয়েড’ নিউজত প্ৰকাশ পোৱা অনুসৰি ট’কিঅ’ অলিম্পিকৰ সৈতে জড়িত আৰু ৮গৰাকীৰ দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰিছে।






    উল্লেখ্য যে, ট’কিঅ’ চহৰত অৱতৰণ কৰাৰ পূৰ্বেই মেক্সিক’ৰ দুগৰাকী বেছবল খেলুৱৈ কৰ’নাত আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰিছে মেক্সিকান বেছবল কৰ্তৃপক্ষই। শেহতীয়াকৈ, কৰ’নাৰ অবাধ বিচৰনে তীব্ৰতৰ ৰূপ ধাৰণ কৰিছে জাপানৰ ট’কিঅ’ চহৰত। প্ৰযুক্তিবিদ্যাত উন্নত দেশ জাপানে ক’ভিডসৃষ্ট এই প্ৰতিকূল পৰিৱেশৰ প্ৰত্যাহ্বান নেওচি কিদৰে অলিম্পিক-২০২০ৰ আয়োজন কৰিব, সেয়া সময়েহে ক’ব।